ETV Bharat / state

কদৰ্যময় পৰিবেশত কামপুৰ পৌৰসভা!

author img

By

Published : Sep 12, 2019, 1:52 PM IST

Updated : Sep 12, 2019, 1:57 PM IST

কদৰ্যময় পৰিবেশত কামপুৰ দৈনিক বজাৰৰ লগতে বিভিন্ন স্থান । দ'মে দ'মে জমা হৈ আছে পলিথিনৰ মোনা ৷

কদৰ্যময় পৰিবেশত কামপুৰ পৌৰসভা

নগাঁও, 12 চেপ্তেম্বৰঃ প্লাষ্টিকৰে ভৰা অতি কদৰ্যময় পৰিবেশত নগাঁও জিলাৰ কামপুৰ পৌৰসভাৰ বিভিন্ন এলেকা । নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ একমাত্ৰ নগৰ কামপুৰ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন এলেকাক দ'মে দ'মে পৰি আছে পলিথিনৰ মোনা ৷ এই ক্ষেত্ৰত বিভিন্ন সময়ত কামপুৰ পৌৰসভাক অৱগত কৰি অহা হৈছে যদিও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে কামপুৰ দৈনিক বজাৰৰ মাজমজিয়াত থকা মাছ মাংসৰ দোকান সমূহো এক অস্বাস্থ্যকৰ পৰিবেশত ৰাখি ব্যৱসায় কৰি থকা বুলি অভিযোগ তুলি একাংশ সচেতন ৰাইজে ক্ষোভ উজাৰিলে পৌৰসভাৰ বিৰুদ্ধে ৷

কদৰ্যময় পৰিবেশত কামপুৰ পৌৰসভা

আনহাতে কামপুৰ বজাৰৰ মাজমজিয়াৰ মূল পথটোৰ মাজত দিনে নিশাই থকা গৰু সমূহৰ বাবেও যান-বাহন আদি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীলৈকে যাতায়তত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । আনকি এই গৰু সমূহৰ কাৰণে কেইদিনমান পূৰ্বে কামপুৰৰ এজন যুৱক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল যদিও এই ক্ষেত্ৰত পৌৰসভাই আজিকোপতি কোনো গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নগ'ল । শীঘ্ৰে ইয়াৰ এক সুব্যৱস্থা ল'বলৈ প্ৰতিজন গৰু গৃহস্থৰ লগতে কামপুৰ পৌৰসভাক আহ্বান জনায় স্থানীয় সচেতন লোকে ।

Intro:মূৰৰ পৰা গেলিব ধৰিছে কামপুৰ পৌৰসভা। কৰ্দযময় পৰিবেশ কামপুৰ দৈনিক বজাৰ লগতে বিভিন্ন স্থান।

Anchor= এফালে প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ সপোন প্ৰধান মন্ত্ৰী মোদীৰ। আনফালে প্লাষ্টিকে ভৰা অতি কৰ্দযময় পৰিবেশত কামপুৰ পৌৰসভাৰ বিভিন্ন এলেকা। প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক" বানীৰে ভাৰতবৰ্ষই প্লাষ্টিক বিৰুদ্ধে মুকলি প্ৰত্যহ্বান জনাই আহিছে। প্লাষ্টিকৰ বৰ্দ্ধিত ব‍্যৱহাৰ ৰোধ কৰি জৈৱিক সামগ্ৰী ব‍্যৱহাৰৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ‍্যোগত প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰি সকলোৰে বাবে এখন সুন্দৰ, সেউজীয়া, চিৰকাংক্ষিত পৃথিৱী গঢ় দিয়াৰ লক্ষ‍্য লৈছে যদিও কিমান সফল হৈছে চৰকাৰৰ এই সপোন ।চাওঁক নগাওঁ জিলাৰ কামপুৰ পৌৰসভাৰ এই দৃশ্য। সকলোতে কেৱল আৰ্বজনা আৰু আৱৰ্জনা।নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ একমাত্ৰ নগৰ কামপুৰ পৌৰসভাৰ এলেকাৰ সকলোতে কৰ্দয অতি দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰিছে। কামপুৰ বজাৰ এলেকাৰ বিভিন্ন ঠাইত দম দম হৈ পৰি আছে পলিথিনৰ মোনা। এই ক্ষেত্ৰত বিভিন্ন সময়ত কামপুৰ পৌৰসভাক অৱগত কৰি অহা হৈছে যদিও কোনো গুৰুত্ব আৰোপ নকৰা অভিযোগ উত্থাপিত হৈছে। আনহাতে কামপুৰ দৈনিক বজাৰৰ মাজমজিয়াত থকা মাছ মাংসৰ সমূহো এক অস্বাস্থ্যকৰ পৰিবেশত ৰাখি ব্যৱসায় কৰি থকা বুলি অভিযোগ তুলি ক্ষোভ উজাৰিলে পৌৰসভাৰ বিৰুদ্ধে।
Bite= স্থানীয় লোক।
Body:VO= আনহাতে কামপুৰ বজাৰৰ মাজমজিয়াৰ মূল পথটোৰ মাজত দিনে নিশাই থকা গৰু সমূহৰ বাবেও যানবাহন আদি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীলৈকে যাতায়তত বহু অসুবিধাৰ সন্মুখীন হব লগা হৈছে। আনকি এই গৰু সমূহৰ কাৰণে কেইদিনমান পূৰ্বে কামপুৰৰ এজন যুৱক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লব লগা হৈছিল যদিও এই ক্ষেত্ৰত পৌৰসভাই আজিকোপতি কোনো গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নগ'ল। সেয়ে পুনৰাবৃত্তি এই দুৰ্ঘটনা সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে শীঘ্ৰে ইয়াৰ এক সুব্যৱস্থা লবলৈ প্ৰতিজন গৰু গৃহস্থৰ লগতে কামপুৰ পৌৰসভাক আহ্বান জনায় স্থানীয় লোকে।

Bite= স্থানীয় লোক।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Sep 12, 2019, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.