বঢ়মপুৰ, 4 অক্টোবৰঃ বছৰৰ সপ্তমটো বানে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰাৰ পাছত এতিয়া অঞ্চল সমূহত বৃদ্ধি পাইছে খহনীয়া ৷ ইয়াৰ মাজতে শনিবাৰে নিশা হঠাৎ খহি পৰে কচুৱা-কাৰ্বিআংলং সংযোগী গড়কাপ্তানি পথত থকা পকী দলঙৰ এটা অংশ ৷ বৰ্তমান দলং খনৰে সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰিছে যাতায়ত ৷ কিন্তু দলঙখন পৰিদৰ্শনৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ৷ ইয়াকে লৈ এতিয়া ক্ষুদ্ধ হৈ পৰিছে ৰাইজ ৷
লগতে পঢ়ক-হাথৰছ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত হাইলাকান্দি কংগ্ৰেছৰ প্ৰতিবাদ