ETV Bharat / state

কামপুৰ চেণ্ট্ৰেল বেংকত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগ - চেণ্ট্ৰেল বেংকত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগ শাখা পৰিচালকৰ বিৰুদ্ধে

আনহাতে DEFAULTERS তালিকাত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষৰ লগতে সহ শিক্ষক সকলৰ ফটো নামসহ বেংকৰ বাহিৰে ভিতৰে ফলক লগাই সন্মান হানি কৰাৰ চেষ্টা কৰা বুলি পৰিচালক ৰিতেশ কুমাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে একাংশ গ্ৰাহক ।

Barhampur
কামপুৰ চেণ্ট্ৰেল বেংকত ঋণৰ নামত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগ
author img

By

Published : Jul 24, 2020, 7:55 PM IST

বঢ়মপুৰ, 24 জুলাইঃ কামপুৰ চেণ্ট্ৰেল বেংকত উত্তেজনা । কামপুৰ চেণ্ট্ৰেল বেংকৰ শাখা পৰিচালকৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ভুক্তভোগী গ্ৰাহকৰ। ঋণৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ লগতে কেবাটাও অভিযোগ উত্থাপন হৈছে শাখাটোৰ বেংক পৰিচালকজনৰ বিৰুদ্ধে। একাংশ দালালক লগত লৈ মইমতালিৰে শাখা পৰিচালনা কৰাৰো অভিযোগ পৰিচালক ৰিতেশ কুমাৰ বিৰুদ্ধে ।

কামপুৰ চেণ্ট্ৰেল বেংকত ঋণৰ নামত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগ

লগতে পঢ়কঃ বিশেষভাবে সক্ষম শিশুক আৰক্ষীৰ প্ৰহাৰৰ বাবে দুখ প্ৰকাশ ডিজিপিৰ

আনহাতে DEFAULTERS তালিকাত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষৰ লগতে সহ শিক্ষক সকলৰ ফটো নামসহ বেংকৰ বাহিৰে ভিতৰে ফলক লগাই সন্মান হানি কৰাৰ চেষ্টা কৰা বুলি পৰিচালক ৰিতেশ কুমাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে একাংশ গ্ৰাহক । লগে লগে ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আনহাতে সাংবাদিকে বিষয়াগৰাকীৰ পৰা সমগ্ৰ অভিযোগ সন্দৰ্ভত জানিব বিচৰাত মন্তব্য দিয়াৰ পৰা বিৰত থাকে বেংক বিষয়াগৰাকী। পৰৱৰ্তী সময়ত নিজৰ ভুল স্বীকাৰ কৰি গ্ৰাহকসকলৰ ওচৰত হাতযোৰ কৰি ক্ষমা খোজাৰ লগতে DEFAULTERS ফলক আঁতৰাবলৈ বাধ্য হয় শাখা পৰিচালকগৰাকী।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.