বৰঘূলী, 1 মাৰ্চঃ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰে জৰ্জৰিত কলিয়াবৰৰ বৰঘূলী গাঁও পঞ্চায়তত এমজিএনৰেগা কিম্বা চতুৰ্দশ বিত্তীয় আয়োগৰ আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ ৷ গাঁও পঞ্চায়তটোৰ দুই সভাপতি আৰু সচিব, চোৰহাবুদ্দিন আৰু পুলিন বৰাৰ ছত্ৰছায়াত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজ তথা গাঁওখনৰ পৰিৱৰ্তে সেই আঁচনিসমূহৰ বাবে অহা টকাৰে নিজ সম্পত্তি একত্ৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে ৷
লগতে পঢ়কঃ এম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰা এটা অঞ্চল