কলিয়াবৰ, ১৩ আগষ্ট: দেশৰ স্বাধীনতাৰ 75 তংম বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীয়ে পালন কৰিছে আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav)।ইয়াৰ লগে লগে সোমবাৰে ভাৰতৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Years of Independence)পালনৰ বাবে সাজু হৈছে দেশবাসী । ‘আজাদী কা অমৃত মহোৎসৱ’ৰ(Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে ‘ঘৰে ঘৰে ত্ৰিৰংগ পতাকা’ (Har Ghar Tiranga)কাৰ্যসূচী ।
ইয়াৰ অংশ হিচাপে শনিবাৰে কলিয়াবৰৰ সীমামূৰীয়া চুছেন ধেণ্টা কাৰ্বি পৰিষদীয় সমষ্টিৰ (Susen Dhenta KAAC Constituency) অন্তৰ্গত ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলটোত এক আকৰ্ষণীয় শোভাযাত্ৰা উলিয়ায় । এই শোভাযাত্ৰাত কাৰ্বি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় লোকসকলেও পৰম্পৰাগত বেশ-ভূষাৰে অংশগ্ৰহণ কৰে (Har Ghar Triranga mission at Kaliabar)।
'আজাদী কা অমৃত মহোৎসৱ'ত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা স্থানীয় লোকসকলে বিভিন্ন শ্লোগান দিয়ে । আনহাতে, কলিয়াবৰতো এই উপলক্ষে শনিবাৰে পুৱা কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে আকৰ্ষণীয় প্ৰভাতী ফেৰী উলিয়াই । ছাত্ৰ-ছাত্ৰী সকলে হাতে-হাতে জাতীয় পতাকা লৈ'বন্দে মাতৰম্'(Vande Mataram)'ভাৰত মাতা কি জয়' ধ্বনিৰে পৰিবেশ মুখৰিত কৰি তোলে ।
চুবুৰীয়ে চুবুৰীয়ে পদযাত্ৰা কৰি উলিওৱা এই প্ৰভাত ফেৰীত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় সাজ-পাৰৰ লগতে কলা-সংস্কৃতিৰ বেশ-ভূজা পৰিধান কৰি প্ৰভাত ফেৰী কাৰ্যসূচী দৃষ্টি নন্দন কৰি তোলে । ছাত্র-ছাত্ৰী সকলে এই কাৰ্যসূচীৰ জড়িয়তে সকলো নাগৰিককে নিজ নিজ গৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰো আহ্বান জনায়।