ৰূপহীহাট,4 মাৰ্চঃ ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ৰাজ্যলৈ ঢাপলি মেলিবলৈ আৰম্ভ কৰিছে বহু ৰাজনৈতিক নেতা-পালিনেতা ৷ বুধবাৰে ৰূপহীহাট সমষ্টিৰ সূঁতিৰপাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী ।
ব্যৱসায়ী চৌধুৰীয়ে অসমত উপস্থিত হৈয়ে অংশ লৈছে ৰাজহুৱা সভা-সমিতিত ৷ বুধবাৰে হেলিকপ্তাৰেৰে ব্যৱসায়ী গৰাকী আহি উপস্থিত হয় ৰূপহীহাটৰ সুঁতিৰপাৰত ৷ উল্লেখ্য যে, বিগত তিনি-চাৰি মাহ পূৰ্বৰে পৰা চৌধুৰীয়ে ৰাজ্যৰ ভিন্ন অংশত সজাগতা সভা সৃষ্টি কৰি ৰাইজৰ ওচৰ চপাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্বাচনী যুঁজত অংশ ল’বলৈ মন মেলিছে এই গৰাকী আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীয়ে ৷ যাৰ বাবে হবিব মহম্মদ চৌধুৰীক সঘনে দেখা গৈছে ৰাজহুৱা অনুষ্ঠান সমূহত ৷ চৌধুৰীয়ে অংশগ্ৰহণ কৰা সভাসমূহত পৰিলক্ষিত হৈছে ভাৰতীয় জনতা দলৰ নেতা-কৰ্মীৰ উপস্থিতি ৷ যাৰ বাবে এতিয়া গেৰুৱা দলটোৰ হৈ চৌধুৰীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷
লগতে পঢ়কঃ আগন্তুক নেটফ্লিক্স ছিৰিজ 'মাই' প্ৰযোজনা কৰিব অনুষ্কা শৰ্মাই