বঢ়মপুৰ,২৮ জুন : চলিত বছৰটোত কেইবাটাও প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে অসম । দুটাকৈ বানত একপ্ৰকাৰ ৰাজ্যখনৰ প্ৰতিখন জিলাই ক্ষতিগ্ৰস্ত হৈছে । এতিয়াও বিভিন্ন জিলাত বানৰ পৰা মুক্ত হ'ব পৰা নাই ৰাইজ (Flood situation in Assam)। হাজাৰ হাজৰ লোক এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে ।
ইয়াৰ মাজতে বানাক্ৰান্তৰ খবৰ ল'বলৈ প্ৰায় প্ৰতিদিনে বিভিন্ন জিলালৈ গৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Assam CM visits flood affected area)। বানাক্ৰান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ নিজে যোৱাৰ লগতে অসম চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীক বিভিন্ন জিলালৈ গৈ বানাক্ৰান্তৰ খবৰ ল'বলৈ নিৰ্দেশ দিছে ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা মঙলবাৰে উপস্থিত হৈছে নগাঁও জিলাৰ কামপুৰত (Atul Bora visits flood affected area of Nagaon)। কঠিয়াতলী আৰু কামপুৰৰ শিবিৰসমূহত মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰাৰ লগতে শিবিৰত থকা বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় । বানপীড়িত লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে প্ৰায় ১৫০ টা পৰিয়ালক ৩,৮০০ কৈ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ।
কৃষি মন্ত্ৰীগৰাকীয়ে কপিলী নদী আৰু নিশাৰী নৈয়ে চিগা মথাউৰিও পৰিদৰ্শন কৰি পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰাৰ কথাও সদৰি কৰে । আনহাতে কোনো বানাক্ৰান্তই যাতে অসুবিধাত নপৰে তাৰ বাবে চৰকাৰে তদাৰক কৰি আছে বুলিও মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে চলিত বছৰত হোৱা দুয়োটা বানতে নগাঁও জিলাৰ কামপুৰকে ধৰি বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্ত হৈছে । হাজাৰ হাজাৰ কৃষিভূমি বানত বুৰ গৈছে । কৃষকসকল বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱাত উদ্বেগ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে । সেয়ে কৃষকসকলক কেনেদৰে সহায় কৰিব পাৰি তাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক :Flood at Gahpur : গহপুৰত বানৰ তাণ্ডৱ