ETV Bharat / state

নগাঁৱত ধৃত এ টি এম প্ৰৱঞ্চকক গটালে আৰক্ষীক

author img

By

Published : Mar 15, 2020, 10:15 PM IST

এ টি এমৰ জৰিয়তে ধন উলিয়াওতে সাৱধান হওঁক আপুনি ! নগাঁৱত আৰক্ষীৰ জালত পৰিছে এগৰাকী এ টি এম প্ৰৱঞ্চক ।

ATM Fraud arrested by public handover to police nagaon assam etv bharat news
ধৃত এ টি এম প্ৰৱঞ্চক

নগাঁও,15 মাৰ্চঃ এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান হওঁক আপুনি । কাৰণ এ টি এমৰ আশে-পাশে টিঘিলঘিলাই ফুৰিছে প্ৰৱঞ্চকৰ দল । এইবাৰ এ টি এমৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ নতুন কৌশল অৱলম্বন প্ৰৱঞ্চকৰ । অত্যধুনিক প্ৰযুক্তি সমৃদ্ধ এ টি এমৰ পৰা ধন উলিয়াওতে প্ৰায়ে সমস্যাত পৰে সাধাৰণ লোক । সমস্যাত পৰা লোকক সহায় কৰিবলৈ এ টি এমৰ ভিতৰে-বাহিৰে সক্ৰিয় হৈ থাকে এক চক্ৰ ৷ কিন্তু সাৱধান, এই চক্ৰৰ সহায় নল’ব আপুনি ! নহ’লে প্ৰৱঞ্চনাৰ বলি হ’ব আপুনিও !

ধৃত এ টি এম প্ৰৱঞ্চক

এনে এক ঘটনা সংঘটিত হৈছে নগাঁৱত । নগাঁৱৰ হয়বৰগাঁৱৰ ষ্টেট বেংকৰ এটা এ টি এমৰ পৰা ধন উলিয়াবলৈ গৈ এজন ব্যক্তি বলি হ’ল প্ৰৱঞ্চনাৰ । দেওবাৰে দুপৰীয়া ৰহমত আলী নামৰ লোকজনক সহায় কৰাৰ চলেৰে এ টি এমৰ পিন সলাই দিয়াৰ চেষ্টা কৰোতে হাতে-লোটে ধৰা পৰে প্ৰৱঞ্চকজন । আছাদ আলী নামৰ প্ৰৱঞ্চকজনৰ বিৰুদ্ধে পূৰ্বেয়ো প্ৰৱঞ্চনাৰ অভিযোগ আছে । চি চি কেমেৰাত আৱদ্ধ প্ৰৱঞ্চকৰ ফটোৰ সৈতে সাদৃশ্য আছে আছাদ আলী নামৰ ব্যক্তিগৰাকীৰ । ধৃত প্ৰৱঞ্চক আছাদ আলীক হয়বৰগাওঁ আৰক্ষীক গতাই দিয়ে ৰহমত আলী নামৰ লোকজনে ।

লগতে চাওকঃআৰক্ষীৰ আগত আঠুকাঢ়িলে কোনে !!!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.