ETV Bharat / state

বগা চাহৰ খেতিৰে লাভৱান হৈছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক - কলিয়াবৰ

বগা চাহ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো আন চাহ প্ৰস্তুততকৈ সম্পূৰ্ণ পৃথক। পুৱা সূৰ্য‍ উদয় হোৱাৰ আগতেই কেৱল কোঁহটো চিঙিব লাগে । কোঁহ চিঙাৰ সময়ত মুখত মাস্ক আৰু হাতত গ্লভ্‌চ পিন্ধিতো অতি প্ৰয়োজন । কোঁহবোৰ চিঙি 'ডায়াৰ'ত দিনটো ৰখাৰ পিছত নিশা দিনৰ তাপমাত্ৰাৰ জোখত 'ডায়াৰ'ত কৃটিমভাৱে শুকুৱাব লাগে । এই বগা চাহৰ বজাৰ দৰ সৰ্বাধিক ।

white tea
white tea
author img

By

Published : Sep 6, 2020, 3:43 PM IST

কলিয়াবৰ, 6 ছেপ্তেম্বৰঃ অসম হৈছে এছিয়াৰ ভিতৰত সৰ্বাধিক চাহ-উৎপাদনকাৰী ৰাজ্য । বৃটিছে ব্যৱসায়িক কেৱল চি. টি. চি. আৰু অৰ্থডক্স চাহ প্ৰস্তুত কৰিছিল । কিন্তু বৰ্তমান বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পিছত ভিন্ন প্ৰকাৰৰ ৰঙৰ চাহে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । শাৰীৰিক-মানসিক অৱসাদ দূৰ কৰাৰ লগতে ইয়াত থকা ঔষধি গুণে বিভিন্ন প্ৰকাৰৰ চাহৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে । প্ৰাকৃতিকভাৱে প্ৰস্তুত হোৱা বেঙনীয়া, নীলা চাহৰ পিচত এইবাৰ বজাৰত চাহিদা বাঢ়িছে বগা চাহৰ । বগা চাহৰ বিষয়ে বৰ বেছি প্ৰচাৰ-প্ৰসাৰ হোৱা নাই যদিও এই বগা চাহ কলিয়াবৰতে উৎপাদন কৰিছে এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে।

লগতে পঢ়কঃ ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী

কলিয়াবৰ মহকুমাৰ বামুণী অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়ক অনিৰুদ্ধ গুপ্তা । শাৰীৰিক অসুস্থাতাৰ বাবে চিকিৎসকে জৈৱিক চাহ খাবলৈ দিয়া পৰামৰ্শ অনুসৰি নিজৰ ক্ষুদ্ৰ চাহ বাগিচাৰ এছোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক ব‍্যৱহাৰ নকৰাকৈ প্ৰাকৃতিকভাৱে চাহ উৎপাদনত মনোনিৱেশ কৰে । নিজে 'গ্ৰীণ টি' প্ৰস্তুত কৰাৰ সময়তে ছিলঙত অসম চাহ ৱৰ্ডে আয়োজন কৰা এক প্ৰশিক্ষণ কৰ্মশালাত প্ৰথমে 'বগা চাহ' প্ৰস্তুত পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰে । বৰ্তমান কলিয়াবৰৰ বামুণীত ঘৰুৱাভাবে সেউজ চাহৰ লগতে বগা চাহ প্ৰস্তুত কৰি আছে ।

বগা চাহৰ খেতিৰে লাভৱান হৈছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক

বগা চাহ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো আন চাহ প্ৰস্তুততকৈ সম্পূৰ্ণ পৃথক। পুৱা সূৰ্য‍ উদয় হোৱাৰ আগতেই কেৱল কোঁহটো চিঙিব লাগে । কোঁহ চিঙাৰ সময়ত মুখত মাস্ক আৰু হাতত গ্লভ্‌চ পিন্ধিতো অতি প্ৰয়োজন । কোঁহবোৰ চিঙি 'ডায়াৰ'ত দিনটো ৰখাৰ পিছত নিশা দিনৰ তাপমাত্ৰাৰ জোখত 'ডায়াৰ'ত কৃত্ৰিমভাৱে শুকুৱাব লাগে । এই বগা চাহৰ বজাৰ দৰ সৰ্বাধিক । কলিয়াবৰৰ পৰাই ষোল্ল হাজাৰ টকাকৈ বগা চাহ বিক্ৰী কৰিছে অনিৰুদ্ধ গুপ্তাই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.