ETV Bharat / state

ভোমোৰাগুৰিত সমূহীয়া লগুন দিয়া অনুষ্ঠান - বটদ্ৰৱা

অঞ্চলটোৰ ৰাইজ একগোট হৈ বৈদিক পৰম্পৰাৰে অনুষ্ঠিত কৰে এই অনুষ্ঠানৰ। এই অনুষ্ঠানত কুৰিজন যুৱকক আধ্যাত্মিক নীতি-নিয়মেৰে মাহ ,হালধিৰে নোৱাই হোম যজ্ঞৰে সম্পন্ন হয় এই লগুন দিয়া অনুষ্ঠান ।

ভোমোৰাগুৰিত সমূহীয়া লগুন দিয়া অনুষ্ঠান
author img

By

Published : May 14, 2019, 11:41 AM IST

নগাঁও, ১৪ মেঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত সোমবাৰে অনুষ্ঠিত হয় এক সমূহীয়া উপনয়ন অনুষ্ঠান ।

উল্লেখ্য যে প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ভোমোৰাগুৰি গাঁৱৰ এই উপনয়ন অনুষ্ঠানৰ পৰম্পৰা প্ৰায় দুশ বছৰ পুৰণি। অঞ্চলটোৰ ৰাইজ একগোট হৈ বৈদিক পৰম্পৰাৰে অনুষ্ঠিত কৰে এই অনুষ্ঠানৰ। এই অনুষ্ঠানত কুৰিজন যুৱকক আধ্যাত্মিক নীতি-নিয়মেৰে মাহ ,হালধিৰে নোৱাই হোম যজ্ঞৰে সম্পন্ন হয় এই লগুন দিয়া অনুষ্ঠান ।

ভোমোৰাগুৰিত সমূহীয়া লগুন দিয়া অনুষ্ঠান

লগতে আন এটি বাতৰি- সত্তৰ উৰ্দ্ধৰ আইতাৰ দূৰন্ত প্ৰয়াসঃ মাঁকোৰ শব্দত প্ৰাণ পালে গুণমালাই

Intro:বটদ্ৰৱাৰ ভোমোৰাগুৰিত পৰম্পৰাগত সমূহীয়া উপনয়ন ( লগুন দিয়া বিয়া ) অনুষ্ঠান । মাংগলিক ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত বিবাহস্থলী ।
Body:নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত সোমবাৰে অনুষ্ঠিত হয় এক সমূহীয়া উপনয়ন অনুষ্ঠান। বৰ্তমান সমাজত চলিথকা জাকজমকীয়া অৰ্থসৰ্ৱস্ব বিবাহে বাৰুকৈয়ে সমস্যাত পেলাইছে দৰিদ্ৰ লোকসকলক । সেয়ে ভোমোৰাগুৰি গাৱঁৰ কুৰি জন উদীয়মান যুৱকৰ (দশ সংস্কাৰৰ অন্যতম) উপনয়ন অনুষ্ঠান উপলক্ষে ভক্ত-বৈষ্ণব, আইমাতৄ, যুৱক যুৱতী আৰু শিশু সকলৰ উপস্থিতিত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। ভোমোৰাগুৰি মাজ নামঘৰ প্ৰাংগনত অনুষ্ঠিত সমূহীয়া উপনয়ন উপলক্ষে পুৱা আইসকলে হৰি নাম কীৰ্ত্তন কৰি পানী তুলি কুৰি জন যুৱকক আধ্যাত্মিক নীতি নিয়মেৰে মাহ ,হালধিৰে নোওৱা হয়। দুপৰীয়া নাম কীৰ্তন, উপবিত আৰু হোম যজ্ঞৰে সম্পন্ন হয় এই বিবাহ ।উল্লেখ্য যে প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ভোমোৰাগুৰি গাৱঁৰ এই উপনয়ন অনুষ্ঠানৰ পৰম্পৰা প্ৰায় দুশ বছৰ পুৰণি। জাতি বৰ্ণ নিৰ্বিশেষে অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ একগোট হৈ বৈদিক পৰম্পৰাৰে ঈশ্বৰৰ নাম গুনানুকীৰ্তন কৰি অনুষ্ঠিত কৰা সমূহীয়া উপনয়ন অনুষ্ঠানটিয়ে নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। বিশেষ আপ্যায়ন ব্যৱস্থা নাছিল যদিও বহু আধুনিক জাকজমকীয়া বিবাহৰ অানন্দতকৈও বহু গুনে বেছি আছিল এই নিভাজ অানন্দ ।গাওঁবাসীয়ে এই সমূহীয়া বিবাহ কাৰ্যৰে গাওঁখনৰ যুৱকক সামাজিক স্বীকৃতি প্ৰদান কৰা কাৰ্যক সকলোৱে সলাগ লৈছে ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.