ETV Bharat / state

National Wrestling Championships: ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম মল্লযুদ্ধ দল গঠন - খেল ইণ্ডিয়া মল্লযুদ্ধ চেণ্টাৰ

নগাঁৱত ৰাজ্যিক মল্লযুদ্ধ দলৰ বাছনি শিবিৰত অসম দল ঘোষণা (Wrestling team selection camp)। অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতাত ।

Assam team announced for National Wrestling Championships in Nagaon
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম মল্লযুদ্ধ দল গঠন
author img

By

Published : Dec 15, 2022, 1:41 PM IST

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম মল্লযুদ্ধদল গঠন

নগাঁও, 15 ডিচেম্বৰ: নগাঁৱৰ খেল ইণ্ডিয়া মল্লযুদ্ধ চেণ্টাৰত (Wrestling team selection camp) ৰাজ্যিক ভিত্তিত এক বাছনি শিবিৰত ঘোষণা কৰা হয় মল্লযুদ্ধ প্ৰতিযোগিতাৰ অসম দল (Assam team of wrestling competition) । অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অহা 21 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আগন্তুক ছিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ (পুৰুষ-মহিলা) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম দলটো বুধবাৰে বিয়লি গঠন কৰা হয় (National Wrestling Championships)।

কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, ধেমাজি, শিৱসাগৰ, তিনিচুকীয়া, গোৱালপাৰা, মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা এশৰো অধিক খেলুৱৈয়ে ভাগ লোৱা এই শিবিৰৰ পৰা অসম দলটো ঘোষণা কৰা হৈছে । এই উপলক্ষে অসম মল্লযুদ্ধ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্বল বৰুৱা আৰু যুটীয়া সম্পাদক তথা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ উপস্থিতিত আয়োজিত শিবিৰৰ সামৰণি অনুষ্ঠানত অসম মল্লযুদ্ধ সন্থাৰ বিষয়ববীয়া শশাংক শৰ্মা বৰুৱা, প্ৰান্তৰ ভট্টাচাৰ্য, নৱজ্যোতি বৰুৱা, অজয় কুমাৰ সিং, সঞ্জীৱ পাল, সমীৰ হাজৰিকা আদি উপস্থিত থাকে ।

এন আই এছ প্ৰশিক্ষক এন চৌবা সিং, গৌৰাংগ ৰয় আৰু জুনমণি দাসে বাছনি শিবিৰৰ খেলসমূহ পৰিচালনা কৰে । এই শিবিৰৰ সামৰণি অনুষ্ঠানতে ঘোষণা কৰা অসম দলটোৰ ফ্ৰি-ষ্টাইল আৰু গ্ৰীক' ৰোমান ইভেণ্টৰ খেলুৱৈসকল হ’ল- দিপল বসুমতাৰী, বিজয় পেগু, মানৱজ্যোতি দেওৰজা, ৰংগলু বসুমতাৰী, সুৰেশ বে', এলৰ্বাট বসুমতাৰী, গৌতম নাৰ্জাৰী, বিপ্লৱ বৰুৱা, সুশীল কুটুম, শ্বামখৰ স্বৰ্গীয়াৰী, হ্নদয়ানন্দ নাথ, ৰণজয় দৈমাৰী, আকাশ কাৰদং, অবিনাশ চাংমাই, কৃষ্ণ কিলিং(পুৰুষ), দমনি উজীৰ, লাইমন দৈমাৰী, লালিমা দৈমাৰী, হিমানি বাগলাৰী, জুলি বৰা, লাইমন বসুমতাৰী, দেৱী দৈমাৰী আৰু বিজুমণি বৰুৱা (মহিলা) ।

উল্লেখিত দলটোৰ সৈতে এন চৌবা সিং, অবিনাশ দাস, গৌৰাংগ ৰয়, পাপু চাওটাল, জুনমণি দাস আৰু পিংকী দাস প্ৰশিক্ষকৰূপে থাকিব বুলি অসম মল্লযুদ্ধ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্বল বৰুৱা আৰু যুটীয়া সম্পাদক ৰাতুল শৰ্মাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: WFF World Championships: বিশ্বৰ বুকুত জিলিকিল নগাঁৱৰ চৰিফুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.