নগাঁও, ১৪ মেঃ কাজিৰঙাৰ বাগৰিস্থ বন বিভাগৰ পশ্চিম ৰেঞ্জৰ পৰা পলাল চোৰাং গড় চিকাৰী । চোৰাং চিকাৰীটো জখলাবন্ধাৰ গৰুবন্ধা গাঁৱৰ আখতাৰ আলী বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে বন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰক্ষীৰ যুটীয়া অভিযানত চোৰাং চিকাৰী আখতাৰ আলীক যোৱা ৯ মে'ত আটক কৰিছিল । পলায়ন কৰা চোৰাং চিকাৰীটোৰ বিৰুদ্ধে ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত ভলুকাজান বন শিবিৰত গঁড় নিধনত জড়িত থকাৰ অভিযোগ আছে ।
2016 চনত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা উচ্ছেদ কৰা বান্দৰডুবিৰ বাসিন্দা আছিল চিকাৰীটো ৷ এনেদৰে বন বিভাগৰ হাতৰ পৰাই দুৰ্ধৰ্ষ গঁড় চিকাৰীয়ে পলায়ন কৰা ঘটনাই বিপাঙত পেলাইছে বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ।
লগতে আন এটা বাতৰি- এন আৰ চিৰ নামত ষড়যন্ত্ৰ চলিছে: আমিনুল ইছলাম