ETV Bharat / state

ৰাজ্যজুৰি আৰক্ষীৰ ‘স্বচ্ছতাই সেৱা’ অভিযান - আৰক্ষীৰ স্বচ্ছতা অভিযান

এইবাৰ চোৰ ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নহয় ৷ অভিযান চলিল লেতেৰা কৰ্দযময় পৰিৱেশৰ বিৰুদ্ধে ৷ মহালয়াৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ’ল আৰক্ষীৰ স্বচ্ছতা অভিযান

ৰাজ্যজুৰি আৰক্ষীৰ ‘স্বচ্ছতাই সেৱা’ অভিযান
author img

By

Published : Sep 28, 2019, 6:57 PM IST

Updated : Sep 28, 2019, 8:55 PM IST

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰঃ এইবাৰ চোৰ ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নহয় ৷ অভিযান চলিল কৰ্দযময় পৰিৱেশৰ বিৰুদ্ধে ৷ প্ৰৱিত্ৰ মহালয়াৰ দিনাই কামপুৰ আৰক্ষীয়ে চলালে চাফাই অভিযান ৷ মহালয়া উপলক্ষে নগাওঁ জিলাৰ কামপুৰ থানাৰ আৰক্ষীয়ে থানা চৌহদৰ লগতে কামপুৰ নগৰ এলেকাত চলায় চাফাই অভিযান ৷ এই স্বচ্ছতা অভিযানত আৰক্ষীৰ লগত সহযোগ কৰে কামপুৰ পৌৰসভা আৰু গাওঁৰক্ষী বাহিনীয়ে ৷

ৰাজ্যব্যাপী আৰক্ষীৰ ‘স্বচ্ছতাই সেৱা’ অভিযান

উল্লেখযোগ্য যে,প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰি কাগজৰ সামগ্ৰী ব্যৱহাৰ কৰা,ৰাজহুৱা স্থানত শৌচ প্ৰশ্ৰাৱ আৰু জাৱৰ জোথৰ নেপেলাবৰ বাবে ৰাইজক আহ্বান জনায় আৰক্ষীয়ে ৷ লগতে অহা দুই অক্টোবৰলৈ স্বচ্ছতাই সেৱা অভিযানো অব্যাহত ৰাখিব বুলি জানিব দিয়ে ৷ আৰক্ষীৰ এই প্ৰচেষ্টাক শলাগ লৈছে কামপুৰবাসীয়ে ৷

কামপুৰৰ সমান্তৰালকৈ কলগাছিয়াতো আৰক্ষীৰ স্বচ্ছতাই সেৱা অভিযান ৷ অসম আৰক্ষীয়ে ৰাজ্য ব্যাপী লোৱা ছাফাই অভিযানৰ অংশ হিচাপে কলগাছিয়াৰ উপ আৰক্ষী অধীক্ষক হেমেন দাসৰ উপস্থিতিত আৰক্ষীয়ে বাট পথ ছাফা কৰে ৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে এখন পৰিস্কাৰ পৰিছন্ন আৰু প্ৰদূষণ মুক্ত পৃথিৱী গঢ়াৰ আহ্বান জনায় উদ্যোক্তাই ৷ আনহাতে,নলবাৰীতো আৰক্ষীৰ সৌজন্যত প্ৰদৰ্শন কৰা হয় বাটৰ নাট ৷ চহৰখনৰ মাজমজিয়াৰ থানাচকত প্লাষ্টিক বৰ্জনৰ বাবে বাটৰ নাটৰে প্লাষ্টিক বন্ধ কৰাৰ আহ্বান জনায় নলবাৰী জিলা আৰক্ষীয়ে ৷ ২ অক্টোবৰৰ পৰা প্লাষ্টিক বৰ্জনৰ গণ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান আৰক্ষীৰ ৷

ASSAM POLICE SACHWATA ABHIYAN
কলগাছিয়া আৰক্ষীৰ স্বচ্ছতা অভিযান

শিৱসাগৰতো ঝাড়ু লৈ ৰাজপথত নামিল শিৱসাগৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷ শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিৰ পৰা আৰম্ভ হোৱা এক স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে জিলাখনৰ দুয়ো গৰাকী মুৰব্বীয়ে ৷ চাফাই অভিযানত অংশগ্ৰহণ কৰি প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু ডাষ্টবিন ব্যৱহাৰ কৰাৰ বাবে স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে উপযুক্ত গৰাকীয়ে ৷ ইয়াৰ উপৰি পূজাৰ পেণ্ডেল সমূহতো ডাষ্টবিন ৰখাটো বাধ্যতামূলক বুলি উল্লেখ কৰি স্থানীয় পূজা সমিতিৰ বিষয়ববীয়া সকলক পেণ্ডেল সমূহ স্বচ্ছ আৰু নিকা কৰি ৰাখিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় ৷ তদুপৰি তেখেতে সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে জিলাখনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা চলি থকা মাহজোৰা ৰাষ্ট্ৰীয় পোষণ মাহ সম্পৰ্কত সকলোকে সজাগ হ’বলৈ আহ্বান জনায় ৷ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত আজিৰ এই অভিযানত আৰক্ষী বিভাগৰ বিষয়া-জোৱান আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীৰ জোৱান সকলে অংশগ্ৰহণ কৰে ৷

Intro:slug : as_jania_28sep_kalgachia_swachhata_hi_seva_vis2+byt1+pho1_story_asc10058Body:slug : as_jania_28sep_kalgachia_swachhata_hi_seva_vis2+byt1+pho1_story_asc10058

V:O: কলগাছিয়াত আৰক্ষীৰ স্বচ্ছতা হি সেৱা অভিযান। অসম আৰক্ষীয়ে ৰাজ্য ব্যাপি লোৱা ছাফাই অভিযানৰ অংশ বিশেষ কলগাছিয়াতো ডি এচ পি হেমেন দাসৰ উপস্থিতিত আৰক্ষীয়ে বাট পথ ছাফা কৰে। কাৰ্যসূচীৰ জৰিয়তে এখন পৰিস্কাৰ পৰিছন্ন আৰু প্ৰদূষণ মুক্ত পৃথিৱী গঢ়াৰ আহবান দিয়ে উদ্যোক্তাই। উল্লেখযোগ্য যে, এই কাৰ্যসূচীৰ মাধ্যমত আৰক্ষী প্ৰশাসন কিমান স্বচ্ছ হব সেয়া লক্ষনীয় হব।

বাইট - DSP হেমেন দাস ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।Conclusion:slug : as_jania_28sep_kalgachia_swachhata_hi_seva_vis2+byt1+pho1_story_asc10058
বাইট - DSP হেমেন দাস ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Sep 28, 2019, 8:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.