ETV Bharat / state

কলিয়াবৰত পথাৰতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু মহিলাৰ - বিদ্যুৎস্পৃষ্ট

কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু । পথাৰত ছাগলী এৰাল দিবলৈ গৈছিল নিহত মহিলা গৰাকী । মৰাপাটৰ খেতিত লগাই থৈছিল বিদ্যুতৰ তাঁৰ ।

কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু
author img

By

Published : Jun 15, 2019, 8:30 PM IST

কলিয়াবৰ, ১৫ জুনঃ কলিয়াবৰ ২ নং বিহডুবি গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত‍্যু হয়। নিহত মহিলা গৰাকীৰ নাম জানকী ৰাজভৰ বুলি চিনাক্ত ।

কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু
মৰাপাট খেতিত লগাই থোৱা বৈদ্যুতিক তাঁৰত লাগি কৰুণ মৃত্যু হয় মহিলাগৰাকীৰ । পথাৰত ছাগলী এৰাল দিবলৈ গৈছিল মহিলা গৰাকী। বনৰীয়া ম'হৰ পৰা মৰাপাট খেতিৰ সুৰক্ষাৰ বাবে চুবুৰীয়া মতি ৰাজভৰ নামৰ লোকজনে খেতি পথাৰত দিছিল বিদ্যুৎ সংযোগ। ওদালগুৰিৰ স্বামীগৃহৰ পৰা কিছুদিন পূৰ্বে বিহডুবিৰ পিতৃগৃহলৈ আহিছিল মহিলাগৰাকী। উক্ত ঘটনাটি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটিৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে আন এটা বাতৰি- চামগুৰিত ৰেলৰ চেপাত নিহত এজন

Intro:কলিয়াবৰত বিদ‍্যুৎপৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত‍্যু

মৰাপাটৰ খেতিত লগাই থোৱা বৈদ‍্যুতিক তাঁৰত লাগি দুৰ্ভাগ‍্যজনক মৃত‍্যু Body:কলিয়াবৰৰ ২ নং বিহডুবি গাঁৱত বিদ্যুৎপৃষ্ট হৈ মহিলাৰ মৃত্যু। মৰাপাট খেতিত লগাই থোৱা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু জানকী ৰাজভৰ নামৰ মহিলাগৰাকীৰ। পথাৰত ছাগলী এৰাল দিবলৈ গৈছিল মহিলা গৰাকী। বনৰীয়া ম'হৰ পৰা মৰাপাট খেতিৰ সুৰক্ষাৰ বাবে চুবুৰীয়া মতি ৰাজভৰ নামৰ লোকজনে খেতি পথাৰত দিছিল বিদ্যুৎ সংযোগ। ওদালগুৰিৰ স্বামীগৃহৰ পৰা কিছুদিন পূৰ্বে শিলঘাট-বিহডুবিৰ পিতৃগৃহলৈ আহিছিল মহিলাগৰাকী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।Conclusion:visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.