ETV Bharat / state

নগাঁৱত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ - নগাঁও

গৰু বিহুৰ নিশা মিউজিক চিষ্টেমৰ বাবে পিতৃয়ে হত্যা কৰিলে নিজ পুত্ৰক

নগাঁৱত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ
author img

By

Published : Apr 15, 2019, 12:50 PM IST

নগাঁও, 15 এপ্ৰিলঃ গৰু বিহুৰ নিশা নগাঁৱৰ ৰহাৰ বাৰপুজীয়াৰ অমৰাৱতী গাঁৱত সংঘটিত হ'ল এক লোমহৰ্ষক ঘটনা ৷ পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে গৰু বিহুৰ নিশা ঘৰত উচ্চ স্তৰত মিউজিক চিষ্টেম বজাই মদ্যপান কৰি থকা অৱস্থাত কনিষ্ঠ পুত্ৰ সোনমণি নাথে ঘৰলৈ হুঁচৰি দল অহাৰ বাবে মিউজিক চিষ্টেমৰ শব্দ কমাবলৈ কয় ৷ কিন্তু পিতৃ নিজে উঠি নগৈ মিউজিক চিষ্টেমটো পুত্ৰক কমাবলৈ কয় ৷

নগাঁৱত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ

সোনমণিয়ে ভলিউম কমাবলৈ কোঠাত প্ৰৱেশ কৰোতে পিতৃ ডম্বৰু নাথে দাৰে উপৰ্যুপৰি পুত্ৰক ঘপিয়াই ৷ সোনমণিয়ে একো তত ধৰিব নোৱাৰি মাথো চিঞৰি বাহিৰলৈ দৌৰ মাৰে। পুত্ৰৰ চিঞৰত মাতৃয়ে বাহিৰলৈ ওলাই আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি ওচৰ-চুবুৰীয়াক মাতে ৷ ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ পিতৃ ডম্বৰু নাথক আটক কৰে ৷ আনহাতে দাৰ ঘাপত আহত সোনমণিক ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিশা 2 বজাত মৃত্যুক আকোঁৱালি লয় ৷ ইফালে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পিতৃকো নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৷

Intro:ৰঙালী বিহুৰ আনন্দত সমগ্ৰ ৰাজ্যবাসী মতলীয়া হৈ থকাৰ মাজতে নগাঁও জিলাৰ ৰহাৰ বাৰপুজীয়াত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। Body:এই হত্যাকাণ্ডত পিতৃৰ দাৰ ঘাপত নিহত হয় পুত্ৰ। জানিব পৰা মতে বাৰপুজীয়াৰ অমৰাৱতী গাঁৱৰ প্ৰায় পাঁচপন্ন বছৰীয়া ডম্বৰু নাথ নামৰ ব্যক্তি গৰাকীয়ে গৰু বিহুৰ নিশা নিজা ঘৰতে মদ্যপান কৰি উচ্চ স্বৰত মিউজিক চিষ্টেম বজাই থকাৰ সময়ত তেঁৱৰে কনিষ্ঠ পুত্ৰ সোনমনি নাথে (২০) ঘৰলৈ হুঁচৰি দল অহাৰ বাবে মিউজিক চিষ্টেমৰ শব্দ কমাবলৈ কয়। সেই সময়ত পিতৃ ডম্বৰু নাথে পুত্ৰ সোনমনিৰ কোৱা শুনি তাকে কমাবলৈ দিয়াত পুতেকে ভলিউম কমবলৈ কোঠাটোত সোমাওতে পিতৃ ডম্বৰু নাথে কোনো কাৰণ নোহোৱাকৈ এখন দাৰে উপৰ্যুপৰি ঘপিয়াবলৈ ধৰে। পুতেক সোনমণিয়ে একো তত ধৰিব নোৱাৰি মাথো চিঞৰি বাহিৰলৈ দৌৰ মাৰে। সেই চিঞৰ শুনি মাতৃয়ে বাহিৰলৈ ওলাই আহি ঘটনাটো দেখি চিঞৰিবলৈ ধৰাত ওচৰৰ মানুহ গোটখাই ঘটনাটো জ্ঞাত হৈ লগে লগে পিতৃ ডম্বৰু নাথক বান্ধি আটক কৰে আৰু উত্তম মাধ্যম শোধাই বান্ধি থয়।আনফালে দাৰ ঘাপত আহত হৈ সোনমনিয়ে পদূলি মূখত পৰি থকাত স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিশা দুইবজাত মৃত্যুক আকোঁৱালি লয়। আনফালে ৰাইজৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত পিতৃকো নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে। ইপিনে ডম্বৰু নাথৰ পত্নীৰ অভিযোগ মতে দীৰ্ঘদিন ধৰি ডম্বৰু নাথে নিতৌ মদ্যপান কৰি ঘৰৰ সকলোকে হত্যা কৰা ভাবুকিৰে অত্যাচাৰ চলাই আহিছিল। তদুপৰি স্থানীয় ৰাইজৰ অভিযোগ মতে পূৰ্বেও ডম্বৰু নাথে এজন লোকক হত্যা কৰি জেলৰ ভাত খাইছিল। উল্লেখ্য যে পাষান স্বামীৰ এনে নিষ্ঠুৰ কাণ্ডক মানি নলৈ ভৱিষ্যতলৈ ঘৰলৈ উভতি আহিবলৈ বাধা প্ৰদান কৰা লগতে নিজ স্বামীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.