চামগুৰি, 2 এপ্ৰিল : এগৰাকী সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি প্ৰদান কৰা সন্দৰ্ভত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ গৰিহণা দিয়ে। এই বিষয়ত শুক্ৰবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলাৰ বটদ্ৰৱাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত আয়োজন কৰে ৷
সংবাদমেলত মন্ত্ৰী পিযুষ হাজৰিকাই সাংবাদিকক হত্যা কৰা ভাবুকি প্ৰদান কৰি নিৰ্বাচনী বিধি উলংঘা কৰা অপৰাধত তেওঁৰ নিৰ্বাচনী প্ৰাৰ্থিত্ব নাকচ কৰিবলৈ মূখ্য নিৰ্বাচনী আয়োগৰ ওচৰত দাবী তুলে। পিযুষ হাজৰিকা ক্ষেত্ৰত উচিত শাস্তি ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷
আজি সংবাদমেলত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক খাইৰুল ইছলাম, সাংগঠনিক সম্পাদক মহম্মদ আলী, নগাঁও জিলাৰ সভাপতি হাৰুণ অল ৰচিদ, কাৰ্যকৰী সভাপতি আশ্বাদুল ইছলামকে আদি উপস্থিত থাকে ।
লগতে পঢ়ক: পীযুষ হাজৰিকাৰ উদ্ধতালি: ফোনযোগে সাংবাদিকক ভাবুকি