বঢ়মপুৰ, 29 এপ্ৰিলঃ বঢ়মপুৰ বিধানসভা সমষ্টিৰ এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাই আহিছে কামপুৰ মনোহৰ গাঁৱৰ ৰাইজক । সেয়ে ৰাজপথতে ভূঁই ৰুই জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় মহিলাসকলে ৷
আৰু পঢ়ক ষ্ট্ৰং ৰূমৰ কাষতে ট্ৰাকে ট্ৰাকে ইভিএমঃ আমিনগাঁৱত উত্তেজনা
এজাক বৰষুণতে বিধ্বস্ত হৈ পৰা বঢ়মপুৰৰ এই পথছোৱা বাৰিষা অবৰ্ণনীয় হৈ পৰে ৷ বিধ্বস্ত পথছোৱাৰ বাবে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ অসুবিধা সন্মুখীন হোৱাৰ লগতে ঠেলা অথবা ডাংকোলা কৰি অঞ্চলটোৰ ৰোগীসকলক নিবলগীয়া হয় চিকিৎসালয়লৈ ।
ফলত পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওখনৰ মহিলাসকলে ৷ পৰিবৰ্তনগামী চৰকাৰলৈ অতিশীঘ্ৰে বিধ্বস্ত পথছোৱা পুনৰ নিৰ্মাণ কৰাৰ অনুৰোধ ৰাইজৰ ।