জুৰিয়া, 28 এপ্ৰিলঃ জুৰিয়াত চৰকাৰী নীতি নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই কেইজনমান লোকৰ নিৰ্দেশনাত ম্যাদী পট্টা মাটিত নিৰ্মাণ কৰা হৈছে বজাৰ গৃহ। জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি বজাৰত 2016-17 বৰ্ষত MSDP আচনিৰ অধীনত বজাৰ গৃহ নিৰ্মাণৰ বাবে 15 লাখ টকাৰ আৱণ্টণ হয় কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতাত চৰকাৰী আচনি খন ৰূপায়ন কৰা হয় ইকবাল হুছেইন আৰু জামুগুৰি আঞ্চলিক সমবায়ৰ ম্যাদী মাটিত।
আৰু পঢ়ক কোকৰাঝাৰত দুই সন্তানক হত্যা কৰি মাতৃৰ আত্মহত্যা
নিৰ্মাণ সমিতিৰ সম্পাদক ইকবাল হুছেইনে আৰু মো:শ্বৰিফে জুৰীয়া উন্নয়ন খণ্ডৰ একাংশ বিষয়াক মেনেজ কৰি এইদৰে নিজৰ মাটিত বজাৰ গৃহ নিৰ্মাণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অবৈধ ভাবে বজাৰ গৃহ নিৰ্মাণৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ জিলা উপায়ুক্তক আবেদন জনাই যদিও অদ্যাপিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই জিলা উপায়ুক্তই। গৃহটি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাচত পট্টা দাৰ ইকবাল হুছেইনে বজাৰ কমিটিৰ পৰিৰ্ৱতে উক্ত দোকান গৃহ নিজৰ কৰি লোৱাৰ শংকা প্ৰকাশ কৰে সাধাৰণ ৰাইজে ৷