ETV Bharat / state

16 দফীয়া দাবীৰে দেশজুৰি প্ৰতিবাদ চিপিআইএমৰ

author img

By

Published : Aug 26, 2020, 8:41 PM IST

কেন্দ্ৰৰ বি জে পি চৰকাৰ খনৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে চিপিআইএমৰ সৰ্বভাৰতীয় কমিটিয়ে ২০-২৬ আগষ্ট লৈ ১৬ দফীয়া দাবীৰ ভিত্তিত দেশযোৰা আন্দোলনৰ আহবান জনাইছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বুধবাৰে নলবাৰী, নগাঁও, ৰঙাপৰা, কলগাছিয়াতো চিপিআইএমে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Assam CPIM National protest
ৰাজ্যত চিপিআইএমৰ সৰ্বভাৰতীয় প্ৰতিবাদ

নিউজ ডেক্স, 26 আগষ্টঃ দেশজুৰি ক'ভিড-19ৰ ভয়াৱহতাৰ বাবে স্থবিৰ হৈ পৰা নাগৰিকত্ব সংশোধনি আইনৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী প্ৰতিবাদসমূহ পুনৰ গা কৰি উঠিছে ৷ সমান্তৰালকৈ লক ডউনৰ আচিলা লৈ অসমবাসীৰ ওপৰতো কেন্দ্ৰীয় চৰকাৰখনে জাপি দিছে EIA 2020 খচৰাৰ লগতে বৰঝাৰ বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ দৰে হঠকাৰী সিদ্ধান্ত ৷ কেন্দ্ৰৰ বি জে পি চৰকাৰ খনৰ এই জনবিৰোধী কাম কাজৰ বিৰুদ্ধে চিপিআইএমৰ সৰ্বভাৰতীয় কমিটিয়ে ২০-২৬ আগষ্ট লৈ ১৬ দফীয়া দাবীৰ ভিত্তিত দেশজোৰা আন্দোলনৰ আহ্বান জনাইছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বুধবাৰে যোৰহাটত চিপিআইএমৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অৰ্থনৈতিক ভাৱে অচল হৈ পৰা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বিষয়ে চিন্তা নকৰি শাসনাধীন বিজেপি চৰকাৰখনে কেৱল পুঁজিপতিৰ স্বাৰ্থত কাম কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷

নলবাৰীতো সংগঠনটোৱে পালন কৰে প্ৰতিবাদী সপ্তাহ ৷ নলবাৰী চহৰৰ মাজৰে এক সমদল কৰি নলবাৰী থানা চ’কত এখন প্ৰতিবাদী সভা আযোজন কৰে প্ৰতিবাদকাৰীসকলে ৷ সমান্তৰালকৈ লক ডাউনৰ ফলত তীব্ৰ অৰ্থ সংকটত ভোগা প্ৰতিটো দৰিদ্ৰ পৰিয়ালক পৰ্য্যাপ্ত খাদ্য সামগ্ৰী যোগানৰ লগতে ব্যক্তিগত খণ্ডৰ চাকৰি হেৰুৱাই কৰ্মহীন হৈ পৰা প্ৰব্ৰজন শ্ৰমিকসকলক নিবনুৱা ভাট্টা প্ৰদান লগতে আন কেইবাটাও দাবীৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে ৷ ইউনিয়নৰ উদ্যোগত চি পি আই এমেও অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

ৰাজ্যত চিপিআইএমৰ সৰ্বভাৰতীয় প্ৰতিবাদ

ৰঙাপৰাতো চিপিআইএমৰ ৰঙাপৰা নগৰ আঞ্চলিক সমিতিয়ে যুটীয়া ভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ চাহ শ্ৰমিকৰ মাচুল বৃদ্ধি, নিৱনুৱা সংস্থাপনৰ উপৰিও মূল্যবৃদ্ধি ৰোধ, EIA 2020 বাতিল, বিমানবন্দৰ আৰু ৰে’লসেৱাৰ ব্যক্তিগতকৰণ আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

একেদৰে কলগাছিয়াতো পালন কৰা হয় চিপিআইএমৰ বিক্ষোভ কাৰ্যসূচী ৷ দলটোৰ কলগাছিয়া স্থানীয় কমিটিয়ে ৰাজপথত শোভাযাত্ৰা কৰি স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে । চৰকাৰক 16টাকৈ দাবী উত্থাপন কৰি এই দাবীসমূহ পূৰণৰ বাবে ক্ৰ বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে CPIMৰ কলগাছিয়া কমিটিয়ে ৷

লগতে পঢ়ক-অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূৱৰ আটাইকেইটা ৰন্ধন গেছ প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.