ETV Bharat / state

Assam CM at Kubaikata Satra : কোবাইকাটা সত্ৰক ন-ৰূপ প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ - কোবাইকাটা সত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা পৰিদৰ্শন কৰে ৷ বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত কীৰ্তনঘৰত প্ৰৱেশ কৰি মাংগলিক কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় কোবাইকাটা সত্ৰত ৷ সত্ৰখনত এক নতুনত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Himanta Biswa Sarma visit Kubaikata Satra) ৷

Assam CM at Kubaikata Satra
কোবাইকাটা সত্ৰক ন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jan 16, 2022, 8:04 PM IST

চামগুৰি, 16 জানুৱাৰী : দিনযোৰা কাৰ্যসূচীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দেওবাৰে পুৱা উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত । পুৱাই মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্মীয়মাণ থকা বটদ্ৰৱা প্ৰকল্পৰ কাষতে থকা অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত কীৰ্তনঘৰত প্ৰবেশ কৰে (Assam CM at Batadrava) ।

কীৰ্তনঘৰত মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ গৃহ উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পৰৱৰ্তী সময়ত কীৰ্তনঘৰৰ মণিকূটৰ আসন আৰু গুৰু আসনত গোঁসাইক পুনৰ প্ৰতিষ্ঠা কৰা মাংগলিক কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰে । সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি অহা মুখ্যমন্ত্ৰীগৰাকীক বৃহত্তৰ বটদ্ৰৱাৰ ভকত বৈষ্ণৱ আই-মাতৃসকলে বাটচ’ৰাৰ সন্মুখৰ পৰা নাম কীৰ্তনেৰে আদৰি আনে ।

কোবাইকাটা সত্ৰক ন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

ইয়াৰ পিছতে বটদ্ৰৱাৰ কোবাইকাটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ সৌন্দর্যবৰ্ধনৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে (Himanta Biswa Sarma visit Kubaikata Satra)।

মুখ্যমন্ত্ৰীৰ লগত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, শশীকান্ত দাসৰ লগতে বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাৰ লগতে আন কেইবাগৰাকীও ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব বটদ্ৰৱা : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.