ETV Bharat / state

Batadrava eviction: উচ্চ ন্যায়ালয়ৰ বিষোদগাৰ: শাস্তিৰ সন্মুখীন হ’ব পাৰে বটদ্ৰবা বুলড’জাৰকাণ্ডত জড়িত বিষয়া

author img

By

Published : Jan 6, 2023, 7:50 PM IST

বটদ্ৰৱা থানাৰ অগ্নিকাণ্ডৰ পাচতে শালনাবাৰীত চলা প্ৰশাসনৰ উচ্ছেদৰ ঘটনাই লৈছে নতুন মোৰ (Batadrava police station Arson) ৷ সেয়া আৰক্ষী, প্ৰশাসন তথা চৰকাৰৰ এক ভুল আছিল বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে (CM Himanta on Batadrava eviction) ৷ ঘটনা সন্দৰ্ভত প্ৰশাসন, আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ ভূমিকাক লৈও অসন্তুষ্ট উচ্চ ন্যায়ালয় ৷

Batadrava police station Arson
বটদ্ৰৱা থানাৰ অগ্নিকাণ্ড

গুৱাহাটী/নগাঁও, 6 জানুৱাৰী: আৰক্ষী-প্ৰশাসনে বটদ্ৰৱা থানাকাণ্ডৰ অভিযুক্তৰ ঘৰ বুলড’জাৰ লগাই ভাঙি পেলোৱাক লৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা স্থিতি আৰু মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ শেহতীয়া মন্তব্যই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে (CM Himanta on Batadrava eviction)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুলড'জাৰেৰে চলোৱা উচ্ছেদক লৈ ৰাইজৰ মাজত তুমুল প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বৰ্ষত চৰকাৰে বুলড'জাৰেৰে চলোৱা উচ্ছেদৰ বিৰুদ্ধে বিষেদগাৰ কৰে ৷ তাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক প্ৰকাৰ ভুল স্বীকাৰ কৰাত বিষয়টোৱে নতুন মোৰ লৈছে (Batadrava police station burning case)।

কেনেকৈ সংঘটিত হৈছিল বটদ্ৰবাকাণ্ড :

চফিকুল ইছলাম নামৰ এজন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা এক ঘটনাক কেন্দ্ৰ কৰি একাংশ উন্মত্ত লোকে যোৱা মে' মাহত জ্বলাই দিছিল বটদ্ৰৱা থানা (Batadrava police station burnt) । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । উল্লেখযোগ্য যে, চাফিকুল ইছলাম আছিল শালনাবাৰী গাঁৱৰ এজন মাছ ব্যৱসায়ী । আৰক্ষীয়ে চাফিকুলক অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি থানাত ৰাখিছিল । তেওঁৰ পৰিয়ালে দাবী কৰিছিল যে, আৰক্ষীয়ে তেওঁৰ মুক্তিৰ বাবে উৎকোচ হিচাপে ১০,০০০ টকা আৰু এযোৰ হাঁহ দাবী কৰিছিল । পিছত চফিকুলৰ পত্নীয়ে হাঁহ লৈ আৰক্ষী চকীলৈ গৈছিল । তেওঁৰ পত্নীয়ে পিছত জানিব পাৰিছিল যে তেওঁৰ স্বামীক নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । তাতেই চফিকুলক মৃত অৱস্থাত পাইছিল পত্নী আৰু পৰিয়ালে । তাৰ পিছতে একাংশ উম্মত্ত জনতাই বটদ্ৰৱা থানা আৰক্ষী থানা জ্বলাই দিছিল ।

আৰক্ষীৰ ভূমিকা:

থানা জ্বলোৱাৰ পিচতে আৰক্ষী আৰু প্ৰশাসনে এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল । ঘটনা সন্দৰ্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে ৷ বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছিল । এই ঘটনাৰ আঁৰত জেহাদী সংগঠনৰ লোক জড়িত আছে নেকি তাৰো তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ আৰক্ষী থানা জ্বলাই দিয়া ঘটনাৰ পাছদিনাই অর্থাৎ ২২ মে'ৰ পুৱাই নগাঁও আৰক্ষী-প্ৰশাসনে থানা জ্বলোৱা কার্যত অভিযুক্ত শালনাবাৰীৰ ইমান আলী আৰু মজিবুৰ ৰহমানৰ বাসগৃহত কোনো কাৰণ নোহোৱাকৈ বুলড’জাৰ লগাই উচ্ছেদ কৰিছিল (Batadrava police station Arson) ।

আশ্ৰয়ৰ শেষ সম্বল ঘৰটোকো আৰক্ষী-প্ৰশাসনে বুলড’জাৰেৰে ভাঙি পেলোৱাত ইমান আৰু মজিবুৰৰ কণ কণ সন্তানকেইটাৰ আলাই-আথানি হৈ পৰে । সেই সময়ত অভিযুক্তদ্বয়ৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ সমগ্ৰ কাৰ্যটোক সন্মুখৰ পৰা নেতৃত্ব দিছিল অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ আনকি জি পি সিঙে সংবাদ মাধ্যমৰ আগত অভিযুক্তৰ বাসগৃহৰ ভূমিৰ নথি-পত্ৰ ভুৱা আৰু বাসগৃহত বেআইনী কার্যকলাপ চলাৰ বাবেই জিলা প্ৰশাসনক অভিযোগ দি বুলড’জাৰে ঘৰ উচ্ছেদ কৰাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰিছিল (Eviction in Batadrava)।

ন্যায়ালয়ৰ ভূমিকা:

মন কৰিবলগীয়া যে, আৰক্ষীয়ে নীতি বহির্ভূতভাৱে বুলড’জাৰ চলাই অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাক লৈ দুগৰাকী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । এই পত্ৰৰ আধাৰতে উচ্চ ন্যায়ালয়ে বটদ্ৰৱা কাণ্ডক লৈ নিজাববীয়া গোচৰ ৰুজু কৰে । আৰক্ষী-প্ৰশাসনে বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ ঘৰ বুলড’জাৰ লগাই ভাঙি পেলোৱাক লৈ খৰ্গহস্ত হৈ পৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয় । অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা ঘটনা সন্দৰ্ভত ৰুজু হৈ থকা ৩/২০২২ নম্বৰৰ নিজাববীয়া গোচৰটোৰ প্ৰথম শুনানিত এক প্ৰকাৰে আৰক্ষীৰ কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছিল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠ (Gauhati high court on Batadrava eviction)।

গোচৰ সন্দৰ্ভত প্ৰথমটো শুনানিকালত চৰকাৰী পক্ষই কিন্তু অভিযুক্তৰ ঘৰত বুলড’জাৰ চলাব লগা হৈছিল সেয়া ব্যাখ্যা কৰি এখন শপতনামা দাখিল কৰিছিল । কিন্তু এনে শপতনামা দাখিলৰ পিচতে আৰক্ষীৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰিছিল ন্যায়ালয় । চৰকাৰ আৰু আৰক্ষীৰ গতিত প্ৰশ্ন উত্থাপন কৰি শুনানিকালত উচ্চ ন্যায়ালয়ে কৈছিল, “তদন্তৰ নামত নীতি বহির্ভূতভাৱে ঘৰত বুলড’জাৰ চলোৱাৰ কোনো নিয়ম ফৌজদাৰী আইনত নাই । এটা অপৰাধৰ তদন্তৰ নামত আৰক্ষীয়ে বুলড’জাৰ লগাই এটা ঘৰ ভাঙি পেলাব পাৰেনে ? কালি কিবা আছে বুলি কৈ আদালত কক্ষও খান্দি পেলাব নেকি ?"

লগতে পঢ়ক: CM on Batadrava Eviction: বটদ্ৰৱাত উচ্ছেদ প্ৰসংগত ভুল স্বীকাৰ মুখ্যমন্ত্ৰীৰ

আদালতে পুনৰ কয় যে, তদন্তৰ নামত এটা ঘৰ বুলড’জাৰ লগাই ভাঙি দিয়াৰ অনুমতি নীতি-বহির্ভূতভাৱে কোনোৱে দিব নোৱাৰে আৰু যদি সেয়াই হৈছে তেন্তে এইখন দেশত কোনো থাকিব নোৱাৰিব । চৰকাৰী পক্ষৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি ন্যায়ালয়ে কয়, ‘‘কি আইনৰ ভিত্তিত আপোনালোকে এয়া কৰিলে । এয়া গেং বাৰ নে আৰক্ষীৰ তদন্ত । বিষয়টো যদি মই লঘু কৰিও কওঁ হিন্দী চিনেমাটো এনে দেখা নাই । ৰোহিত শেট্টীয়ে ইয়াৰ ওপৰত চিনেমা নিৰ্মাণ কৰিব পাৰে’’ ।

আমি গণতান্ত্ৰিক ব্যৱস্থাত আছো বুলি শুনানিকালত উল্লেখ কৰি ন্যায়ালয়ে পুনৰ কয়, "কালি কোনোৱে বলপূৰ্বকভাৱে আদালত কক্ষলৈ সোমাই আহি চকীত যদি বহে তেন্তে আৰক্ষীয়ে সেই চকীও আঁতৰাই পেলাব নেকি ? অভিযুক্তই কৰা অপৰাধৰ বাবে তেওঁক প্ৰছিকিউট কৰক । কিন্তু বুলড’জাৰ লগাই ঘৰ ভাঙি পেলোৱাৰ ক্ষমতা এছ পিক কোনে দিলে" । মনকৰিবলীয়া যে অসম আৰক্ষীৰ বুলড’জাৰ সংস্কৃতিক লৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয় ক্ষুণ্ণ হৈ পৰাত অৱশেষত অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াক শাস্তি দিবলৈ সাজু হৈছে অসম চৰকাৰ । আনকি প্ৰশাসনে বুলড’জাৰেৰে ঘৰ ভাঙি দিয়া ভুক্তভোগীক এতিয়া ক্ষতি পূৰণো দিব লাগিব ৰাজ্য চৰকাৰে ।

বহু বিতৰ্কিত বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ যোৱা মঙলবাৰৰ শুনানিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দিছপুৰৰ এই সিদ্ধান্ত ন্যায়ালয়ক অৱগত কৰিছে । আনকি বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ বাবে নিৰ্দেশ দিয়া বিষয়াৰ বিৰুদ্ধে মুখ্য সচিবে গঠন কৰা কমিটীয়ে তদন্ত কৰি দোষী বিষয়াৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে । ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পাছতেই মঙলবাৰে বটদ্ৰৱা কাণ্ডৰ গোচৰটোৰ শুনানিত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই ১৫ দিনৰ ভিতৰত মুখ্য সচিবে গঠন কৰা কমিটীয়ে বিষয়টোৰ তদন্ত কৰি যদিহে কোনো বিষয়াক দোষী পায়, তেনে বিষয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ।

মুখ্যমন্ত্ৰীৰ ভুল স্বীকাৰ:

গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বৰ্ষত চৰকাৰে বুলড'জাৰেৰে চলোৱা উচ্ছেদৰ বিৰুদ্ধে বিষেদগাৰ কৰাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত এক প্ৰকাৰ ভুল স্বীকৰা কৰিছে । যোৱা বৃহস্পতিবাৰে বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ভুল স্বীকাৰ কৰে । বৃহস্পতিবাৰে গুৱাহাটীত এক অনুষ্ঠানত বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ভুল স্বীকাৰ কৰি কয়, ‘‘বটদ্ৰৱাত বুলড'জাৰ চলাওতে আমাৰ অকণমান খুঁত থাকি গৈছিল । যিখিনি খুঁত ৰৈ গৈছিল সেয়া সংশোধন কৰাৰ চেষ্টা কৰা হ'ব । বাকী উচ্ছেদবোৰ আইনী প্ৰক্ৰিয়াৰে কৰা হৈছিল’’ ।

তেওঁ লগতে কয়, " বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ বাসগৃহ উচ্ছেদ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত কৰা হৈছিল । নগাঁৱৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ কি ভুল হৈছিল সেয়া বিচাৰ কৰা হ'ব । বিষয়া সকলে অলপ ভুল কৰিলে । কিছু আইন বৰ্হিভূতভাৱে হ'ল । সেইকাৰণে উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে’’ ।

আৰক্ষী সঞ্চালক প্ৰধানৰ ভূমিকা:

বুলড'জাৰেৰে চলোৱা উচ্ছেদৰ ঘটনাক লৈ অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ভূমিকাকলৈও প্ৰশ্ন উত্থাপন হৈছে । এই উচ্ছেদ অভিযান চলায় থকাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সেই সময়ত নগাঁৱত অনুষ্ঠিত এক সংবাদমেলত থানা জ্বলোৱা অভিযুক্তসকলৰ বিৰুদ্ধে উচ্ছেদৰ দৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি সদৰি কৰিছিল । আনকি নগাঁৱৰ সেই সময়ৰ আৰক্ষী অধীক্ষক লীনা দলেক কাষত বহুৱাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কঠোৰ স্থিতি লোৱাৰ কথা সদৰি কৰিছিল । বটদ্ৰৱাৰ অমানৱীয় উচ্ছেদৰ আঁৰত লুকাই থকা নগাঁও আৰক্ষীৰ চূড়ান্ত গাফিলতিৰ কথা এক প্ৰকাৰ স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে বটদ্ৰৱাৰ উচ্ছেদ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে দিয়া প্ৰতিবেদনমতে সমগ্ৰ প্ৰক্ৰিয়াটোত খুঁত ৰৈ গৈছিল । শেহতীয়াকৈ আদালতৰ স্থিতিত ভুক্তভোগীসকলে সন্তোষ প্ৰকাশ কৰি চৰকাৰৰ পৰা ক্ষতিপুৰণৰ দাবী কৰিছে ।

লগতে পঢ়ক: Guwahati HC Verdict: বটদ্ৰবাকাণ্ড সন্দৰ্ভত আদালততত ভুল স্বীকাৰ আৰক্ষী-চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.