নগাঁও, ১ মেঃ নগাঁৱৰ বেলগুৰিৰ মানিক স্বৰ্গীয়াৰীয়ে দেখুৱালে আদৰ্শৰ নিদৰ্শন । ৫০ বছৰীয়া ধৰ্মীয় বলি প্ৰথা আঁতৰাই মাহ-প্ৰসাদৰে পালন কৰিলে বাথৌ পূজা ।
উল্লেখ্য যে, মানিক স্বৰ্গীয়াৰীৰ বংশত ৫০ বছৰে বলি প্ৰথাৰে বাথৌ পূজা পালন কৰিল আহিছিল । কিন্তু এই বেলি স্বৰ্গীয়াৰীয়ে জীৱ হত্যা কৰিলে পাপৰ বাহিৰে একো লাভ নহয় সেইকথা উপলব্ধি কৰি মা-প্ৰসাদৰে পূজা অৰ্চনা দি পালন কৰে বাথৌ পূজাটি । ৫০ বছৰে পূজি অহা সিজো গছজোপা আঁতৰাই উলহমালহেৰে বড়ো সকলৰ নীতি নিয়মেৰে নতুন সিজু গছ প্ৰতিষ্ঠা কৰে ৷ অনুষ্ঠানত গাওঁৰ সকলো ৰাইজ উপস্থিত হৈ তেওঁলোকৰ কাৰ্যক আদৰি লোৱাৰ লগতে অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে ৷লগতে জীৱ-জন্তুৰ প্ৰতি মানিক স্বৰ্গীয়াৰীৰ যি প্ৰেম আদৰ্শ দেখুৱালে সেইলৈ স্বৰ্গীয়াৰীক সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ।
অধিক পঢ়িবলৈ-বাক্সাৰ তামুলপুৰত ৰাভাসকলৰ বাটৰ পূজা সম্পন্ন