নিউজ ডেস্ক, 2 মে’: বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ তলত আহাৰ ফলত এটা গুঁই সাঁপৰ মৃত্যু হয় ৷ গোলাঘাটলৈ যোৱাৰ পথতে বাগৰি ৰেঞ্জৰ ৰাষ্ট্ৰীয় ঘাইপথত মূৰত আঘাতপ্ৰাপ্ত অৱস্থাত গুঁই সাঁপটো প্ৰত্যক্ষ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷
বিত্তমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ঘটনা সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক অৱগত কৰে আৰু বনমন্ত্ৰীৰ নিৰ্দশতে ঘটনাস্থলীত কাজিৰক্ষা ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক বন বিষয়া উপস্থিত হয় ৷ উদ্ধাৰকাৰী দলটোৱে মূৰত কেইবা ঠাইতো আঘাতপ্ৰাপ্ত গুঁই সাঁপটোক উদ্ধাৰৰ প্ৰচেষ্টা চলায় যদিও সকলো বিফল হৈ পৰে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক দ্বি-খণ্ডিত কৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে চলাচল কৰা যান-বাহনৰ অত্যাধিক গতিবেগে সময়ে সময়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে বিপদ কঢ়িয়াই আহিছে ৷ ইতিমধ্যে বাহনৰ খুন্দাত বহু জীৱ-জন্তুৰ মৃত্যু হৈছে ৷
যদিও ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বানৰ সময়ছোৱাত বাহনৰ গতিবেগ ৰোধৰ বাবে ‘টাইম কাৰ্ড প্ৰক্ৰিয়া’ প্ৰৱৰ্তন কৰি আহিছে কিন্তু চলিত বৰ্ষত বানৰ পূৰ্বে বৰ্তমানলৈকে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হোৱা নাই ৷
লগতে পঢ়ক-তিনিচুকীয়াৰ বেতনিত আটক তথাকথিত সাংবাদিক