ETV Bharat / state

নগাঁৱত নিখিল ভাৰত কৃষক সভাৰ আমৰণ অনশন - মিকিৰ বামুণি গ্ৰাণ্ট

ৰায়তীসকলক ভূমিৰ খতিয়ান প্ৰদানৰ দাবীত নগাঁৱত নিখিল ভাৰত কৃষক সভাৰ আমৰণ অনশন। মিকিৰ বামুনি গ্ৰাণ্টৰ ৰায়তীসকলক ভূমিৰ খতিয়ান প্ৰদানৰ দাবী। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।

ৰায়তীসকলক ভূমিৰ খতিয়ান প্ৰদানৰ দাবীত নগাঁৱত কৃষক সভাৰ আমৰণ অনশন

author img

By

Published : Nov 23, 2020, 2:18 PM IST

নগাঁও, ২৩ নৱেম্বৰ: নগাঁৱৰ বঢ়মপুৰৰ মিকিৰ বামুণি গ্ৰাণ্টৰ ৰায়তীসকলক ভূমিৰ খতিয়ান প্ৰদানৰ দাবীত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিলে নিখিল ভাৰত সভাৰ কৃষক সভাই।মিকিৰ বামুণি গ্ৰাণ্টৰ ৰায়তী খতিয়ানপ্ৰাপ্ত লোকৰ ১০০ৰো অধিক বিঘা ভূমি এটা কোম্পানীক প্ৰদান কৰাক লৈ নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতি আৰু বামুণি আঞ্চলিক সমিতিয়ে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অনশন কাৰ্যসূচী ৰূপায়ণ কৰি কোম্পানীৰ বিপৰীতে ৰায়তীসকলক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰে।

নগাঁৱত নিখিল ভাৰত কৃষক সভাৰ আমৰণ অনশন

বছৰ বছৰ ধৰি বামুণিৰ কৃষকসকলে বৃহৎ কৃষি ভূমি খণ্ডত কৃষিকাৰ্য কৰি জীৱিকা অর্জন কৰি আহিছে। এই বৃহৎ ভূমিৰ খতিয়ান বিচাৰি আদালতৰো কাষ চাপিছে একাংশ কৃষক। উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ মৰ্মে কৃষিভূমি কোম্পানীক গতাই দিয়া কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন।চৰকাৰক আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল ভাৰত সভাৰ কৃষক সভাই।

লগতে পঢ়ক:কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.