নগাঁও, ২২ নৱেম্বৰ: শনিবাৰে নিশা নগাঁৱৰ কাতিমাৰী গ্ৰাণ্টত সংঘটিত হয় চুৰিকাণ্ড। নগদ ধন, মূল্যৱান সামগ্ৰী লুটি নিয়াৰ লগতে পেট পূজাও কৰিলে চোৰে। কাতিমাৰী গ্ৰাণ্ট নিবাসী প্ৰয়াত আবু নছৰৰ ঘৰত নিশা চোৰৰ চাফাই অভিযান। ৭ লাখৰো অধিক মূল্যৰ সোণৰ আ-অলংকাৰ, নগদ ধন, এ টি এম কাৰ্ড আৰু বহু মূল্যৱান সামগ্ৰী লুটি নিয়ে চোৰে। ঘৰত গৃহস্থ নথকাৰ সুযোগতে চোৰে লুট-পাত চলায় । লগতে ঘিউ আৰু ফ্ৰিজৰ পৰা আপেলো উলিয়াই খালে চোৰে।
দেওবাৰে পুৱা চুৰিকাণ্ডৰ বিষয়ে খবৰ পোৱাৰ পিছত গৃহস্থ ঘৰলৈ আহে। সম্প্ৰতি স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত হয়বৰগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, শনিবাৰে নিশাই প্ৰয়াত আবু নছৰৰ ঘৰৰ কাষৰ এজন অভিযন্তাৰ ঘৰৰ পৰাও চোৰে বহু মূল্যৱান সামগ্ৰী লুটি নিয়াৰ উপৰিও দুটাকৈ লেপটপ লৈ যায়।
বিগত কিছুদিন ধৰি অঞ্চলটোত চোৰে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে। প্ৰায়েই অঞ্চলটোত সংঘটিত হয় চুৰিৰ ঘটনা। অঞ্চলটোত ড্ৰাগছ আৰু জুৱাৰ ঘাটি চলি থকাৰ বাবেই সঘনাই চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক:আমিনগাঁৱত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ স্বচ্ছতা অভিযান