ETV Bharat / state

ইটিভি বাতৰিৰ প্ৰভাৱ: কৃত্ৰিম বানক লৈ কলিয়াবৰ প্ৰশাসনৰ তৎপৰতা - cm himanta biswa sharma

অৱশেষত গা লৰিল প্ৰশাসনৰ ৷ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবে কলিয়াবৰত সৃষ্টি হৈছে কৃত্ৰিম বান পৰিদৰ্শন কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ’ল কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস ৷ অতি শীৰ্ঘ্ৰেই এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান বিভাগীয় কতৃপক্ষৰ ৷ যাৰ বাবে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে ভুক্তভোগী পৰিয়ালটোৱে ৷

Flood for NHIDCL Road Construction at Kaliabor
ত্ৰিম বানক লৈ কলিয়াবৰ প্ৰশাসনৰ তৎপৰতা
author img

By

Published : Jul 19, 2021, 11:10 AM IST

কলিয়াবৰ, 19 জুলাই : ইটিভি বাতৰিৰ প্ৰভাৱ ৷ অৱশেষত কলিয়াবৰত কৃত্ৰিম বানপানী পৰিদৰ্শন কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ’ল কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস ৷ উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে মহকুমাধিপতি গৰাকীয়ে ৷

চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা NHIDCLৰ বিষয়াক মাতি আনি শীঘ্ৰেই কৃত্ৰিমভাৱে সৃষ্টি হোৱা বানপানী তাৎক্ষণিকভাৱে উলিয়াই নিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে কলিয়াবৰৰ মহকুমাধিপতিগৰাকীয়ে ৷ লগতে উক্ত স্থানত নলা নিৰ্মাণ কৰিবলৈয়ো নিৰ্দেশ দিয়ে মহকুমাধিপতিগৰাকীয়ে ৷ ইফালে কৃত্ৰিম বানৰ মাজত আৱদ্ধ হৈ থকা পৰিয়ালটোলৈ কিছু ৰেচন তথা খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ায় মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ।

উল্লেখ্য যে, দেওবাৰে কলিয়াবৰৰ কৃত্ৰিম বানপানীয়ে জুৰুলা কৰা পৰিয়ালৰ সমস্যাক কেন্দ্ৰ কৰি সম্প্ৰচাৰ হৈছিল এটা বাতৰি ৷ ইটিভিৰ বাতৰি সম্প্ৰচাৰৰ পাছতেই প্ৰশাসনৰ তৰফৰ পৰা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

ত্ৰিম বানক লৈ কলিয়াবৰ প্ৰশাসনৰ তৎপৰতা

ইয়াকে লৈ এতিয়া কিছু সকাহ লাভ কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই ৷ সংবাদ মাধ্যম লগতে প্ৰশাসনৰ তৎপৰতাক এতিয়া শলাগ জনাইছে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে, কৃত্ৰিম বানৰ কৱলত এতিয়া কলিয়াবৰৰ কেইবাটাও পৰিয়াল ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭(ক) নং ৰাষ্ট্ৰীয় পথৰ কাষৰীয়া কেইবাটাও পৰিয়াল ৷ কৃত্ৰিম বানৰ কবলৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কৰযোৰে প্ৰাৰ্থনা কৰে এগৰাকী মহিলাই ৷

কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭(ক) নং ৰাষ্ট্ৰীয় পথত কৃত্ৰিম বান হোৱাৰ মূল কাৰণ হৈছে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য ৷ অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষই অবৈজ্ঞানিক পদ্ধতিৰে অ-পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷ ফলত তাৰ পৰিণাম ভোগ কৰিছে ঘাইপথৰ কাষত থকা পৰিয়ালকেইটাই ৷ কলিয়াবৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ আঁসোৱাহপূৰ্ণ নিৰ্মাণৰ ফলতে পথৰ কাষৰ বাসিন্দাই প্ৰতিদিনে চকুলো টুকিব লগাত পৰিছে ৷

আনফালে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবেই ঘাইপথৰ কাষৰ ঘৰসমূহ এতিয়া পানীৰ তলত ডুব যোৱাৰ উপক্ৰম হৈছে ৷ পথ নিৰ্মাণ কৰা ঠিকাদাৰ তথা মহৰীসকলক এই বিষয়ে অৱগত কৰাৰ পাছতো আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই ৷ পথ নিৰ্মাণ ঠিকাদাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়া কনষ্ট্ৰাক্‌চন কোম্পানীৰ লেহেমীয়া আৰু বিসংগতিপূৰ্ণ কামৰ ফল ভোগ কৰিবলগীয়া হৈছে বুলি অভিযোগ তুলিছে ভুক্তভোগীয়ে । অকণমান থকা ঠাই বিচাৰি কৰযোৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল কলিয়াবৰৰ ভুক্তভোগী লোকসকলে ৷

এই বাতৰি সম্প্ৰচাৰৰ পাছতেই সোমবাৰে পুৱাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিভাগীয় কতৃপক্ষই ৷ যাক লৈ কিছু স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: হিমন্ত ছাৰ মোক অলপ ভিক্ষা দিয়ক; থাকিবলৈ সুবিধা দিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.