ETV Bharat / state

ধিঙত শুৰ পোকৰ আতংকঃ বিধ্বস্ত শ শ বিঘা মাকৈ খেতি - শুৰ পোকৰ আতংক

ধিঙৰ কান্ধুলিমাৰিত ধ্বংস শ শ বিঘা মাকৈ খেতি ধ্বংস ৷ কৃষকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি, নিৰ্বিকাৰ কৃষি বিভাগ ।

ধিঙত শুৰ পোকৰ আতংক
author img

By

Published : May 20, 2019, 12:19 PM IST

বটদ্ৰৱা, 20 মে': ধান নহয়, এইবাৰ ধিঙৰ কান্ধুলিমাৰিত শ শ বিঘা মাকৈ খেতিত শুৰ পোকৰ আতংক। নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলত বিশেষকৈ ধিঙৰ নৈ পৰীয়া কৃষক সকলে মৰাপাট খেতিৰ বিকল্প হিচাপে মাকৈ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱাৰ সময়তে কৃষকৰ সপোনলৈ নামি আহিছে অমানিশা ৷ লহপহকৈ বাঢ়ি অহা কৃষকৰ সপোনৰ শ শ বিঘা মাকৈ খেতি ধ্বংস কৰিছে শুৰ পোকে। যাৰ ফলত অঞ্চলটোৰ কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ৷ ইপিনে গাঠিৰ ধন ভাঙি কান্ধুলিমাৰিৰ কৃষকে কৰা মাকৈ খেতিত শুৰ পোকে তাণ্ডৱ চলোৱা দেখিও কৃষকক উদ্ধাৰৰ বাবে বিয়াগোম কৃষি বিভাগৰ লোক আগবাঢ়ি নহাত এতিয়া বিবুধিত পৰিছে কৃষকসকল ৷

Intro:ধানৰ পিছত এইবাৰ শ শ বিঘা মাকৈ খেতিত আমেৰিকান সোড়ঁ পোক । কৃষকৰ মাজত হাহাকাৰ । নিৰ্বিকাৰ কৃষি বিভাগ ।Body:ধান নহয় এইবাৰ শ শ বিঘা মাকৈ খেতিত লাগিল আমেৰিকান সোড়ঁ পোক । এই দৃশ্য ধিঙৰ কান্ধুলিমাৰিত । চাওক কেনেকৈ লহপহকৈ বাহি অহা খেতিয়কৰ সপোনৰ মাকৈ খেতিত সোৰ পোকে ধ্বংস কৰিছে শ শ বিঘা মাকৈ খেতি । যাক লৈ হাহাকাৰ সৃষ্টি হৈছে কৃষকৰ মাজত । কিন্তু কাণ-সাৰ নাই বিয়াগোম কৃষি বিভাগৰ । নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলত বিশেষেকৈ ধিঙৰ নৈ পৰীয়া কৃষক সকলে মৰাপাট খেতিৰ বিকল্প হিচাপে মাকৈ খেতি কৰি এক কৃষি বিপ্লৱ আনিবলৈ সক্ষম হৈছে । কিন্তু সেই সময়তে ধিঙৰ উত্তৰ অঞ্চলত সোড়ঁ পোকে বিনষ্ট কৰা মাকৈ খেতিৰ কৃষক সকল চিন্তিত হৈ পৰিছে । কাৰণ গাঠিৰ ধন খৰচ কৰি লহপহকৈ বাঢ়ি অহা মাকৈ খেতি ৰক্ষা কৰিবলৈ আগবঢ়ি অহা নাই কৃষিবিভাগ । যাৰ বাবে মোৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকলে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই সকল কৃষকক সহায় কৰিবলৈ ওলায় আহিবনে কৃষি বিভাগ ? নে এনেদৰেই সৰ্ৱস্ৰান্ত হব কৃষক সকল । এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.