ETV Bharat / state

কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এৰী শিল্পই - কলিয়াবৰ

আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ বাঢ়িছে অসমৰ এৰীমুগাৰ ৷ কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এৰী শিল্পই ৷ দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ 'ঐক্য'ই আনিছে আশাৰ বতৰা ৷

কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এৰী শিল্পই
author img

By

Published : Aug 27, 2019, 7:03 PM IST

কলিয়াবৰ,27আগষ্টঃ দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ 'ঐক্য'ই আনিছে আশাৰ বতৰা ৷ কলিয়াবৰৰ দাৰিগজি আৰু ঔগুৰি গাঁৱৰ শতাধিক মহিলাক একত্ৰিত কৰি যুৱকজনে গঢ়িছে এৰী শিল্পৰ এক নৱ-জাগৰণ। বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেছন ডিজাইনিঙৰ শিক্ষা গ্ৰহণ কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ় দিছে এৰী বস্ত্ৰ উৎপাদনৰ এটি ক্ষুদ্ৰ উদ্যোগ। চাওক এক প্ৰতিবেদনঃ

কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এৰী শিল্পই

কলিয়াবৰ,27আগষ্টঃ দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ 'ঐক্য'ই আনিছে আশাৰ বতৰা ৷ কলিয়াবৰৰ দাৰিগজি আৰু ঔগুৰি গাঁৱৰ শতাধিক মহিলাক একত্ৰিত কৰি যুৱকজনে গঢ়িছে এৰী শিল্পৰ এক নৱ-জাগৰণ। বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেছন ডিজাইনিঙৰ শিক্ষা গ্ৰহণ কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ় দিছে এৰী বস্ত্ৰ উৎপাদনৰ এটি ক্ষুদ্ৰ উদ্যোগ। চাওক এক প্ৰতিবেদনঃ

কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এৰী শিল্পই
Intro:অসমৰ এৰী এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্য‍্যায়তো সমাদৃত

দিল্লীৰ নেচনেল ইন্‌ষ্টটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ 'ঐক‍্য'ই আনিছে আশাৰ বতৰাBody:কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত ন-ৰূপত প্ৰাণ পাই উঠিছে এৰী শিল্পই। কলিয়াবৰৰ দাৰিগজি আৰু ঔগুৰি গাঁৱৰ শতাধিক মহিলাক একত্ৰিত কৰি নৰেন্দ্ৰ বৰা নামৰ যুৱকে গঢ়িছে এৰী শিল্পৰ এক নব-জাগৰণ। 

বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেছন ডিজাইনিংৰ শিক্ষা গ্ৰহণ কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ় দিছে এৰী বস্ত্ৰ উৎপাদনৰ এটি ক্ষুদ্ৰ উদ্যোগ। এৰী সূতাৰে নিৰ্মিত ঘৰত ব্যৱহৃত ভিন্ন সামগ্ৰীৰ লগতে বিচনা চাদৰ , শাৰী, পৰ্দা কাপোৰ তৈয়াৰ কৰাৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি 'ঐক্য'ৰ জৰিয়তে এনে এখন মঞ্চ তৈয়াৰ কৰিছে , যাৰ জৰিয়তে বিচাৰি পাইছে স্বাৱলম্বীতাৰ পথ। 

২০১৬-১৭ বৰ্ষত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ যোৰহাটৰ কেন্দ্ৰীয় মুগা-এৰি গৱেষণা তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত কলিয়াবৰৰ দাৰিগজি গাঁৱত ৰেচম সমল কেন্দ্ৰ স্থাপন কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰৰ দুই শতাধিক মহিলাক লগত লৈ প্ৰস্তুত কৰি আহিছে উন্নত মানদণ্ডৰ এৰী বস্ত্ৰ। দাৰিগজি আৰু ঔগুৰি গাঁৱৰ ঘৰে ঘৰে প্ৰতিদিনে এড়ী বস্ত্ৰ উৎপাদনত ব্যস্ত এই শিপিনীসকল।


কলিয়াবৰৰ নৰেন্দ্ৰ বৰাৰ গঢ় লৈ উঠা এৰী বস্ত্ৰ উৎপাদনৰ এই প্ৰতিষ্ঠানটোৱে সংস্থাপন দিছে কলিয়াবৰৰ দুই তাধিক মহিলা-যুৱতীক। আৰ্থিকভাবে স্বচ্ছল হৈছে প্ৰতিগৰাকী শিপিনী। ঘৰতে এৰি বস্ত্ৰ প্ৰস্তুত কৰি প্ৰতিগৰাকী শিপিনীয়ে মাহিলী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৭ হাজাৰকৈ টকা।

শিপিনীসকলে প্ৰস্তুত কৰি উলিওৱা উন্নত মানদণ্ডৰ এৰী বস্ত্ৰই ৰাজ্য তথা দেশৰ লগতে বিদেশতো লাভ কৰিছে বিশেষ সমাদৰ। কোৰিয়া ,জাপান ,পেৰিচ ,অষ্ট্ৰেলিয়া আদি দেশলৈ ৰপ্তানি হৈছে কলিয়াবৰৰ উৎপাদিত এই সামগ্ৰী। বিদেশলৈ ৰপ্তানি এৰী সামগ্ৰীত (Oi-Qua)  'ঐক্য'ৰ নাম সংলগ্ন কৰাৰ লগতে উল্লেখ থাকে শিপিনীৰ নাম।

মাজখিনিতে সুদুৰ ফ্ৰান্সৰ দুগৰাকী ফেছন ডিজাইনাৰ কেৰ'লিন টেক্সাৰ আৰু নিউৰেনিন্স ব্ৰান্স নৰেন্দ্ৰ বৰাৰ ঔগুৰি স্থিত উৎপাদন কেন্দ্ৰ প্ৰদৰ্শন কৰি অভিভূত হৈ পৰে। অসমৰ এৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্য‍্যায়ত নৰেন্দ্ৰই দিয়া এক চিনাকীয়ে দুয়োগৰাকী বিদেশীনীক কলিয়াবৰত পদাৰ্পন কৰাৰ প্ৰতি আগ্ৰহশীল কৰি তোলে। দুয়ো বিদেশীনী ফেচন ডিজাইনাৰৰ সঙ্গ দিয়ে ভাৰতীয় ৰপ্তানী পৰিষদৰ হস্ত শিল্প বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক জেচমিনা জেইলিঙে।

দিল্লীৰ নেচনেল ইন্‌ষ্টটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাই দেশৰ আন ঠাইত এক কৰ্ম সংস্থাপনৰ চিন্তা নকৰি নিজ ঠাইতে ফেছন ডিজাইনিঙৰ কামেৰে নিজে বিশ্বত এক সুকীয়া স্থান দখল কৰাৰ লগতে অসমৰ এৰী শিল্পৰো এক মানদণ্ড গঢ় দিবলৈ সক্ষম হৈছে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.