নগাঁও,25 ডিচেম্বৰ: অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল নগাঁৱৰ এজন নাপিতৰ পুত্ৰ ৷ দৰিদ্ৰতাৰ হেঙাৰ নেওচি পুত্ৰই লাভ কৰা সফলতাত আনন্দিত পিতৃ-মাতৃ ৷
সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১০৩ নম্বৰ স্থান লাভ কৰি অসম প্ৰশাসনিক বিভাগৰ বিষয়াৰ স্থান পাইছে নগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰে । ৰাকেশ কুমাৰৰ পিতৃ পেছাত এগৰাকী নাপিত ৷ নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ সমীপৰ এখন সাধাৰণ পাৰ্লাৰত কাম কৰি ভাড়াঘৰত থাকি কোনোমতে পৰিয়াল পোহপাল দিয়াৰ লগতে পুত্ৰক অধ্যায়নৰ সকলো সুবিধা প্ৰদান কৰিছিল ৷
ইফালে,পুত্ৰৰ সফলতাত আনন্দিত হৈ পৰে ৰাকেশৰ মাতৃ ৷ টেলিভিছনত পুত্ৰক এবাৰ চোৱাৰ হেঁপাহ দূৰ হ'ল বুলি মাতৃয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ৷
পিছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰিও আনন্দিত নহয় ৰাকেশ ঠাকুৰ ৷ কাৰণ ৰাকেশৰ লক্ষ্য UPSC ৷ এচিএছ বিষয়া হিচাপে যোগদান কৰিও ৰাকেশে চলাই যাব ইউপিএছচি পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি ৷ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও একাগ্ৰতা আৰু ইচ্ছাৰে লাভ কৰা সফলতাত এতিয়া আনন্দিত পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসী ৷
অন্য এক খবৰৰ বাবে: নগাঁৱত সদৌ অসম জিলা কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় অধিবেশন