ETV Bharat / state

APCC protest against price hike: জনতাক টেঁটু চেপি ৰাজত্ব কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: ৰকিবুল হুছেইন

author img

By

Published : Jul 28, 2023, 5:12 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । জনতাৰ ওপৰৰ জাপি দিছে কৰ, মূল্যবৃদ্ধিৰ বোজা । জনতাক টেঁটু চেপি ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজত্ব কৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ । ২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ পিছতেই প্ৰথমেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সলনি হ'ব বুলিও মন্তব্য ৰকিবুল হুছেইনৰ ।

APCC protest against price hike
নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ
নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁও, 28 জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নগাঁও জিলা কংগ্ৰেছে । এই প্ৰতিবাদী কাৰ্য্যসূচীত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ড৹ শৰ্মাৰে একালৰ সতীৰ্থ তথা বৰ্তমানৰ বিৰোধী নেতা ৰকিবুল হুছেইন । নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰে বিৰোধী উপ দলপতি তথা কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে সাধাৰণ জনতাৰ ওপৰত এটাৰ পিছত আনটো কৰ জাপি দি হাৰাশাস্তি কৰি অহা বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । সাধাৰণ জনতাক টেঁটু চেপি ৰাজত্ব চলাই থকা বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।

ইপিনে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে উত্থাপন হোৱা ছিণ্ডিকেটৰ অভিযোগে সামাজিক মাধ্যমত তোলপাৰ লগোৱা প্ৰসংগতো মন্তব্য কৰে ৰকিবুল হুছেইনে । কাৰো নাম নোলোৱাকৈ ড৹ হিমন্ত বিশ্ব শৰ্মাকে কটাক্ষ ৰকিবুল হুছেইনৰ । এজন আচামীক ৰাতিৰ ভিতৰতে কিদৰে সাক্ষীত পৰিণত কৰিব পাৰে সেইটো তেওঁ ভালকৈ জানে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।

আনকি আগন্তক ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ পিছতেই প্ৰথম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পতন নিশ্চিত বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে । ২০২৪ ত কেন্দ্ৰীয় চৰকাৰো সলনি হোৱাৰ পিছত ৰাইজে মুক্তমনে হাঁহিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে ৰকিবুল হুছেইনে । নগাঁও জিলা কংগ্ৰেছে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাসহ কেইবাজনো কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: FIR against Bhupen Borah: ভূপেন বৰাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ বিজেপি যুৱ মৰ্চাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.