ETV Bharat / state

অসমত শক্তিশালী-মেৰুদণ্ড থকা মুখ্যমন্ত্ৰীৰ প্ৰয়োজন : ভূপেন বৰা

author img

By

Published : Jun 25, 2022, 1:48 PM IST

Updated : Jun 25, 2022, 5:15 PM IST

মধ্য অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ নগাঁও আৰু হোজাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC distributes flood relief in Nagaon)। সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰে । বান সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত বিজেপি আৰু মুখ্যমন্ত্ৰী বিফল বুলি অভিযোগ কৰে কংগ্ৰেছে ।

APCC
কংগ্ৰেছে বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে

নগাঁও, ২৫ জুন : মধ্য অসমৰ বান পৰিস্থিতি কিছু উন্নত হ'লেও দুখ দুৰ্দশাৰ অন্ত নাইকীয়া হৈছে বানাক্ৰান্তৰ (Flood situation in Nagaon)। আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে নগাঁও, হোজাই জিলাৰ বানাক্ৰান্ত । ইফালে আশ্ৰয় শিবিৰত খাদ্য সংকটত ভুগিছে বন্যাৰ্ত । শনিবাৰে নগাঁও আৰু হোজাই জিলাৰ বানাক্ৰান্তৰ খবৰ লোৱাৰ লগতে বানপীড়িতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (Congress leader visits flood affected in Nagaon)।

নগাঁৱৰ বৰঘাট বাইপাছৰ পৰা বান সাহায্য বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora on flood situation of Assam)। অসমত বহু পুঁজিপতি ৰাজনৈতিক দল থকা স্বত্বেও কংগ্ৰেছেহে সৰ্বাধিক বান সাহায্য বিতৰণ কৰা বুলি মন্তব্য কৰে ভূপেন বৰাই । আনকি চৰকাৰী সাহাৰ্য বিতৰণত স্বজন তোষণ হোৱাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

অসমত শক্তিশালী-মেৰুদণ্ড থকা মুখ্যমন্ত্ৰীৰ প্ৰয়োজন : ভূপেন বৰা

দিল্লীৰ পৰা অসমৰ বানাক্ৰান্তৰ বাবে সাহাৰ্য অনাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হোৱা বুলিও উল্লেখ কৰি অসমত এগৰাকী শক্তিশালী, মেৰুদণ্ড থকা মুখ্যমন্ত্ৰী লাগে বুলিও দাবী কৰে ভূপেন বৰাই (Bhupen Bora criticizes BJP)। আনহাতে বান পৰিস্থিতিৰ ভয়াৱহ সময়ত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বানাক্ৰান্তই বিচাৰি নোপোৱাৰ অভিযোগ সন্দৰ্ভতো মন্তব্য কৰে ভূপেন বৰাই ।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । অসমৰ বানাক্ৰান্তৰ বাবে সহায় বিচৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈ পৰে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনে অভিযোগ কৰা মতে নিজৰ গাদী লৰাৰ আশংকাত অসমৰ বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰক সাহাৰ্য বিচৰা নাই ।

কংগ্ৰেছ মাটিৰ লগত থকা দল বুলি দাবী কৰে ৰকিবুল হুছেইনে । বান বিভীষিকাৰ সময়ত বিজেপি ৰাইজৰ কাষত থাকিব লাগিছিল যদিও বিজেপি এতিয়া ৰাইজৰ কাষত নাই । শনিবাৰে বিৰোধী দলৰ উপ-দলপতি তথা বিধায়ক ৰকিবুল হুছেইন, বিধায়িকা শিবামণি বৰা, নুৰুল হুদা, জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাসহ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে নগাঁও, হোজাই জিলাৰ বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰে ।

লগতে পঢ়ক :অম্বুবাচীৰ বাবেহে আহিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক: যোগেন মহন

Last Updated : Jun 25, 2022, 5:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.