ETV Bharat / state

জখলাবন্ধাত মহকুমা প্ৰশাসনৰ উদ্যোগত তীব্ৰতৰ প্লাষ্টিক বিৰোধী অভিযান

author img

By

Published : Sep 1, 2019, 11:00 PM IST

পলিথিন ব্যৱহাৰ নিষিদ্ধ কৰি গ্ৰাহক আৰু ব্যৱসায়ী প্ৰতিষ্ঠানত কলিয়াবৰ মহকুমা প্ৰশাসনৰ বৃদ্ধি সজাগতা অভিযান ৷ জখলাবন্ধাৰ বিভিন্ন বাণিজ্যিক কেন্দ্ৰত মহকুমা প্ৰশাসনে চলালে প্লাষ্টিক বিৰোধী অভিযান ৷

জখলাবন্ধাত মহকুমা প্ৰশাসনৰ উদ্যোগত তীব্ৰতৰ প্লাষ্টিক বিৰোধী অভিযান

কলিয়াবৰ, 1 ছেপ্তেম্বৰঃ গান্ধী জয়ন্তীৰ দিনাই আনুষ্ঠানিকভাৱে প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ দিশত আগবঢ়াৰ কেন্দ্ৰ চৰকাৰৰ পৰিকল্পনা গ্ৰহণৰ প্ৰাকক্ষণত কলিয়াবৰ মহকুমা প্ৰশাসনে জখলাবন্ধা আৰক্ষীৰ সহযোগত অঞ্চলটোৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাৰ গ্ৰাহক আৰু ব্যৱসায়ীসকলক প্লাষ্টিক বৰ্জনৰ বাবে দেওবাৰে এক বিশেষ জনসচেতনতা কাৰ্যসূচী ৰূপায়ণ কৰে । ইতিমধ্যে পলিথিনৰ ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বেও কলিয়াবৰ মহকুমা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল যদিও বিভিন্ন কাৰণত এই নিৰ্দেশ কাৰ্যকৰী হোৱা নাছিল । দেওবাৰৰে পৰা সেই নিৰ্দেশ পালনৰ ক্ষেত্ৰত যাতে কোনো হীন-দেৰি নহয় তাৰ বাবে ব্যৱসায়ী আৰু গ্ৰাহকসকলক প্ৰশাসনৰ পৰা অৱগত কৰা হয় । মহকুমা প্ৰশাসনৰ এই নিৰ্দেশ অমান্য কৰিলে পৰৱৰ্তী সময়ত কঠোৰ পদক্ষেপৰ সন্মুখীন হ'ব লাগিব বুলিও প্ৰশাসনৰ ফালৰ পৰা সকীয়াই দিয়া হয় । অভিযানৰ সময়ত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ভালেমান প্লাষ্টিকৰ সামগ্ৰীও জব্দ কৰা হয় ৷

Intro:কলিয়াবৰৰ জখলাবন্ধা বাণিজ‍্যিক কেন্দ্ৰত মহকুমা প্ৰশাসনৰ প্লাষ্টিকৰ বিৰুদ্ধে অভিযান

পলিঠিন ব‍্যৱহাৰ নিষিদ্ধ কৰি গ্ৰাহক আৰু ব‍্যৱসায়ী প্ৰতিষ্ঠানত সজাগতা অভিযানBody:যোৱা ১৫ আগষ্টত দেশক সম্বোধি দিয়া ভাষণত ভাৰতক এখন প্লাষ্টিক মুক্ত দেশ গঢ়াৰ কথা ঘোষণা কৰিছিল ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনাই আনুষ্ঠানিকভাবে প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ দিশত আগবঢ়াৰ প্ৰাক-ক্ষণত কলিয়াবৰ মহকুমা প্ৰশাসনে জখলাবন্ধা আৰক্ষীৰ সহযোগত কলিয়াবৰৰ অন‍্যতম বাণিজ‍্যিক কেন্দ্ৰ জখলাবন্ধাত গ্ৰাহক আৰু ব‍্যৱসায়ীসকলক প্লাষ্টিক বৰ্জনৰ বাবে দেওবাৰে এক সচেতন কাৰ্যসূচী ৰূপায়ণ কৰে।
ইতিমধ‍্যে এবাৰ ব‍্যৱহাৰ হোৱা পলিঠিনৰ ব‍্যৱহাৰৰ ক্ষেত্ৰত কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল যদিও বিভিন্ন কাৰণত এই নিৰ্দেশ কাৰ্য‍্যকৰী হোৱা নাছিল। দেওবাৰৰে পৰা সেই নিৰ্দেশ পালনৰ ক্ষেত্ৰত যাতে কোনো হীন-দেঢ়ি নহয় তাৰ বাবে ব‍্যৱসায়ী আৰু গ্ৰাহকসকলক প্ৰশাসনৰ পৰা অৱগত কৰা হয়। মহকুমা প্ৰশাসনৰ নিৰ্দেশ অমান‍্য কৰিলে পৰৱৰ্তী সময়ত কঠোৰ পদক্ষেপৰ সন্মুখীন হ'ব বুলিও সকীয়াই দিয়া হয়।
অভিযানৰ সময়ত ব‍্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ভালেমান প্লাষ্টিকৰ সামগ্ৰী জব্দ কৰে।
প্ৰশাসনৰ এই অভিযান যাতে গ্ৰাহক আৰু ব‍্যৱসায়ী উভয়ে সহযোগিতা আগবঢ়ায় তাৰ বাবে সচেতন মহলে আশা প্ৰকাশ কৰিছে।Conclusion:visual
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.