ৰূপহীহাট, ১৯ ফেব্ৰুৱাৰী: শিক্ষাৰ ক্ষেত্ৰত বন্ধন বেংকৰ আদৰণীয় পদক্ষেপ । ৰাজ্যৰ বহু পৰিয়ালক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি স্বাৱলম্বীতাৰ পথত আগুৱাই নিয়াৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰতো অভূতপূৰ্ব অৰিহণা যোগাইছে । নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়া শাখা বন্ধন বেংকৰ সহযোগত জুৰীয়াৰ বিভিন্ন অঞ্চলত স্থাপন কৰা ২০ টা শিক্ষা কেন্দ্রৰ প্ৰায় ৬০০ ছাত্ৰ-ছাত্ৰীক বৃহস্পতিবাৰে বিভিন্ন খেল-ধেমালিৰে শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ বটাঁ বিতৰণি অনুষ্ঠানৰ আয়োজন কৰে ৷
উল্লেখ্য যে, বন্ধন বেংকে ৰাজ্যৰ বহু পৰিয়ালক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি স্বাৱলম্বীতাৰ পথত আগুৱাই নিয়াৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰতো অভূতপূৰ্ব অৰিহণা আগবঢ়াবলৈ সৰ্মথন হৈছে ৷ ৰাজ্যৰ বিভিন্ন স্থানত বন্ধন বেংকে দৰিদ্ৰ পৰিয়ালৰ বাবে স্থাপন কৰিছে বিনামূলীয়া শিক্ষাকেন্দ্ৰ । য'ত শিক্ষাৰ লগত জড়িত সকলো সামগ্ৰী সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ প্ৰদান কৰিছে বন্ধন বেংকে ।
ৰাজ্যত চলন্ত পৰ্যায়ত প্ৰায় ২৫০ টাকৈ অধিক শিক্ষাকেন্দ্ৰ গঢ় দিছে বন্ধন বেংকে । তাৰে সমান্তৰাল ভাৱে নগাঁও জিলাত ৮০ টা শিক্ষাকেন্দ্ৰ স্থাপন কৰিছে বন্ধন বেংকে । এনে শিক্ষাকেন্দ্রসমূহত স্থানীয় শিক্ষিত মহিলাসকলক নিৰ্দিষ্ট পাৰিতোষিকৰ বিনিময়ত বন্ধন বেংকে শিশু শিক্ষাৰ ক্ষেত্রত এক বিস্তৃত কাৰ্য্যসূচী লোৱা বুলিও বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
লগতে পঢ়ক:ভোটৰ যুদ্ধত "ইণ্ডিয়া ফাউণ্ডেছন" বনাম "ডিজাইন বক্স"