ETV Bharat / state

অংগনৱাড়ী কেন্দ্ৰই একোটা অঞ্চলৰ সৌন্দৰ্যবৰ্ধন কৰে: যোগেন মহন

author img

By

Published : Jun 11, 2022, 5:45 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত নগাঁও জিলাত প্ৰথম পৰ্যায়ত 10 টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব (Anganbadi Centre at Koliabor) ৷ কলিয়াবৰৰ ধনেখোৱাত প্ৰথমটো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে (Anganbadi Centre Foundation Stone Laid by Jugen Mohan) ৷

অংগনৱাড়ী কেন্দ্ৰই একোটা অঞ্চলৰ সৌন্দৰ্যবৰ্ধন কৰে - যোগেন মহন

কলিয়াবৰ, 11 জুন : ৰাজ্যত অংগনৱাড়ী কেন্দ্ৰসমূহ উন্নত কৰি গঢ়ি তুলিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত নগাঁও জিলাত প্ৰথম পৰ্যায়ত 10 টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব (Anganbadi Centre at Koliabor) ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে শুকুৰবাৰে সন্ধিয়া কলিয়াবৰৰ ধনেখোৱাত প্ৰথমটো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে (Anganbadi Centre Foundation Stone Laid by Jugen Mohan) ৷

লগতে মন্ত্ৰী যোগেন মহনে সংবাদ মাধ্যমক কয়, এই অংগনৱাড়ী কেন্দ্ৰসমূহ নিৰ্মাণ কৰাৰ লগত এটা আদৰ্শ জড়িত হৈ আছে ৷ শিশুসকলেই হৈছে দেশৰ ধৰণী ৷ আগন্তুক দিনত শিশুসকলেই সমাজ অথবা দেশখনৰ গুৰি ধৰিব লাগিব ৷ বৰ্তমান সময়ৰ অংগনৱাড়ী কেন্দ্ৰসমূহ অতি নিম্ন মানদণ্ডৰ ৷ বাৰিষা অথবা ৰ'দত ইমান কষ্টৰ মাজেৰে শিশুসকলে এনেকৈ জীৱনৰ পাতনি মেলাটো অতি কষ্টকৰ ৷ ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিত প্ৰথম পৰ্যায়ত 8 পৰা 11 টালৈকে অংগনৱাড়ী কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনুমোদন কৰা হৈছে ৷ অংগনৱাড়ী কেন্দ্ৰই একোটা অঞ্চলৰ সৌন্দৰ্যবৰ্ধন কৰে ৷

ইয়াৰ পিছতে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰাকক্ষণত নিশা কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয় পৰিদৰ্শন কৰি বিভাগটোৰ কাম-কাজৰো খাতিয়ান লয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওক : স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত মমৰ পোহৰত ৰাজহমন্ত্ৰীৰ সভা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.