ETV Bharat / state

এসপ্তাহত 18 টা ড্ৰাগছ বিৰোধী অভিযান আনন্দ মিশ্ৰৰ - Anand Mishra operation against drugs

অপৰাধীৰ নিদ্ৰা হৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষকক আনন্দ মিশ্ৰই ৷ বিগত এটা সপ্তাহত নগাঁও আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ ড্ৰাগছৰ বিৰুদ্ধে এটাৰ পাচত আনটো অভিযান নগাঁও আৰক্ষীৰ ৷

এক সপ্তাহত 18 টা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে আনন্দ মিশ্ৰই

author img

By

Published : May 25, 2021, 7:46 PM IST

নগাঁও, 25 মে': নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাচতে আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিলে নগাঁও আৰক্ষীয়ে । ধুবুৰীবাসীৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী আনন্দ মিশ্রই এতিয়া অতি কম সময়ৰ ভিতৰতে মন জয় কৰিবলৈ সক্ষম হৈছে নগাঁওবাসীৰ । সমান্তৰালকৈ অপৰাধীৰ বাবে যেন ত্ৰাসৰ কাৰণ হৈ পৰিছে আনন্দ মিশ্ৰ ।

নগাঁৱৰ কদমনিৰ পৰা কুখ্যাত ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাচতে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান । মাত্ৰ এটা সপ্তাহতে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নিৰ্দেশত নগাঁৱৰ বিভিন্ন প্ৰান্তত চলিল ১৮ টাকৈ অভিযান । ১৮ টা কৈ অভিযানত ৰুজু হৈছে ১৮ টাকৈ গোচৰ, গ্ৰেপ্তাৰ কৰা হৈছে 41 জন ড্ৰাগছ সৰবৰাহকাৰী ৷

এক সপ্তাহত 18 টা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে আনন্দ মিশ্ৰই

ইফালে নগাঁৱৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলা অভিযানত বুজন পৰিমাণৰ হেৰ'ইন, ব্ৰাউন চুগাৰ, কেইবাকেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ।নগাঁৱক অপৰাধ মুক্ত কৰাৰ উদ্দেশ্যে আই পি এছ বিষয়া আনন্দ মিশ্ৰই ইতিমধ্যে গঠন কৰিছে তিনিটাকৈ অভিযানকাৰী দল। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ এএনএছৰ লগতে QRT আৰু ৰাইডাৰ দল গঠন কৰি কৰ'ণা আতংকৰ মাজতে আৰম্ভ কৰিছে ব্যাপক অভিযান।

দীৰ্ঘদিনে ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত হোৱা নগাঁৱক মাত্ৰ ছমাহৰ ভিতৰতে ড্ৰাগছমুক্ত কৰাৰ আশ্বাস দিছে আইপিএছ আনন্দ মিশ্ৰই ৷ আনন্দ মিশ্ৰৰ এই ধাৰাবাহিক ড্ৰাগছ বিৰুদ্ধে চলোৱা অভিযানে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যত চলি থকা ড্ৰাগছৰ অবৈধ বজাৰখনক সম্পূৰ্ণৰূপে উৎসাত কৰাত বহু পৰিমাণে অৰিহণা যোগাব ৷

লগতে পঢ়ক: অসম-বংগত সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.