কলিয়াবৰ, 30 জুন : সমগ্ৰ ৰাজ্যতেই অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী (ASSAM POLICE)য়ে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে ৰাজ্যত কোটি কোটি টকাৰ ড্ৰাগছ (Drugs Seized) জব্দ কৰাৰ লগতে আটক হৈছে বহু ড্ৰাগছ মাফিয়া ৷ সমান্তৰালকৈ নগাঁও জিলাতো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই চলাই গৈছে ইটোৰ পিছত সিটো অভিযান ৷
আৰক্ষীৰ অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ড্ৰাগছ মাফিয়া, অবৈধ সুৰা সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ কৰাৰ লগতে উচ্ছেদ কৰিছে বহু অবৈধ চুলাই মদৰ ঘাটি ৷ নগাঁও জিলাত আনন্দ মিশ্ৰই (Anand Mishra) আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাচৰে পৰা নিচাজাতীয় সামগ্ৰী ড্ৰাগছ আদিকে ধৰি অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৷ তাৰ সমান্তাৰালভাৱে আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু চকীসমূহলৈ গৈ থানাসমূহৰ পৰিস্থিতি আৰু অভাৱ অভিযোগ সমূহৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে ৷
তাৰ মাজেত মঙলবাৰে কলিয়াবৰত উপস্থিত হৈ আৰক্ষী অধীক্ষক গৰাকীয়ে কলিয়াবৰ আৰক্ষী থানাৰ (Kaliyabar Police Station) লগতে জখলাবন্ধা আৰক্ষী থানাৰ কাম-কাজৰ বুজ লোৱাৰ লগতে আইন-শৃংখলাৰ দিশটো তদাৰক কৰে ৷ ইপিনে কলিয়াবৰ আৰক্ষী থানাত (Kaliyabar Police Station) আৰক্ষী অধীক্ষকগৰাকী নিজে কিছু সময় থাকি আইন-শৃংখলাৰ দিশটো তদাৰক কৰাৰ লগতে ক’ভিড-19 প্ৰট’কল ভংগ, কাৰ্ফিউ অমান্যকাৰী একাংশক জৰিমনা বিহে ।
উল্লেখ্য যে, মঙলবাৰৰ দিনটোত কাৰ্ফিউ অমান্য কৰি বাইক লৈ ওলাই অহা ১৭ খনকৈ বাইক জব্দ কৰাৰ লগতে ৪ খনকৈ বাইকৰ জৰিমনা বিহে কলিয়াবৰ আৰক্ষী থানাই ।
ক’ভিড পৰিস্থিতি ৰোধ কৰাৰ বাবেই এতিয়া কঠোৰ হৈ পৰিছে কলিয়াবৰ আৰক্ষী (Kaliyabar police) । আনহাতে আৰক্ষী অধীক্ষক গৰাকী হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী কলংমুখৰ নিৰ্মাণ বন্ধ হৈ থকা শ্লুইছ গে'টৰ স্থান পৰিদৰ্শন কৰে । মনকৰিবলগীয়া যে, অধীক্ষক গৰাকীয়ে পৰিদৰ্শনৰ সময়ত ক'ভিড প্ৰট'কল ভংগ কৰি বহুজনৰে লগত ফটো উঠা দেখা গ'ল ৷
এই ফটোবোৰ বিভিন্নজনে ফেছবুকৰ জৰিয়তে প্ৰচাৰ কৰাৰ পাচেত কলিয়াবৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কিয়নো ক’ভিড প্ৰট'কল ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আনন্দ মিশ্ৰ (Anand Mishra)ক লৈ কলিয়াবৰীয়া ৰাইজ আনন্দিত যদিও আনন্দ মিশ্ৰৰ এই ফটো উঠা কাৰ্যক সহজভাবে ল'ব পৰা নাই একাংশ কলিয়াবৰ ৰাইজে ।ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা বিগত দিন কেইটাৰ পাচতে যোৱা ২৪ ঘণ্টাত ২ শতাংশতকৈ কিছু বৃদ্ধি পাইছে । উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যত মুঠ ২৭ গৰাকী মৃত্যু হৈছে ।
সোমাবাৰৰ দিনটোত মৃত্যুৰ সংখ্যা আছিল ৪২ জন । সেই অনুসৰি মঙলবাৰৰ দিনটোতে মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে । আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত ক’ৰনাত আক্ৰান্ত হৈছে ২৬৭২ গৰাকী । এই সময়চোৱাত ক’ভিড-19 পৰীক্ষা কৰা হৈছিল মুঠ ১,০১,২২২ গৰাকী ব্যক্তিৰ । পজিটিভিটিৰ হাৰ আছিল ২.৬৪ শতাংশ । আৰোগ্য হোৱা হাৰ হৈছে ৯৩.৭৭ শতাংশ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কামৰূপ মেট্ৰ’ জিলাত বিগত ২৪ ঘণ্টাত ক’ৰনাত আক্ৰান্ত হৈছে ১৪৯ গৰাকী ৷
লগতে পঢ়কঃ মৰিগাঁৱত মঙলবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত 18 টা শিশু