কলিয়াবৰ, 5 ছেপ্তেম্বৰ : আজি শিক্ষক দিৱস(Teacher's Day) ৷ দাৰ্শনিক পণ্ডিত তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আজি জন্ম জয়ন্তী ৷ শিক্ষকৰ জ্ঞান, অমৃত সমৃদ্ধ মহাবাণী আৰু মহান আদৰ্শৰে মহীয়ান হয় একো একোখন দেশৰ ভৱিষ্যৎ । শিক্ষকসকল যুগে যুগে বন্দিত আৰু সমাদৃত ৷
প্ৰকৃতগৰাকী শিক্ষক ত্যাগ আৰু জ্ঞানৰ প্ৰতিমূৰ্তিস্বৰূপ । শিক্ষক দিৱসৰ এই শুভক্ষণত এনে এগৰাকী কৃতি শিক্ষকৰ কাষলৈ যাব বিচাৰিছো, যি অন্য শিক্ষক আৰু কৃষকসকলৰ বাবে হৈ পৰিছে এক প্ৰেৰণাৰ উৎস ৷ কলিয়াবৰ মহকুমাৰ আক্ৰোহী গাঁৱৰ বাসিন্দা তথা বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য(Ranjit Kumar Bhattacharya) এগৰাকী আদৰ্শৱান শিক্ষক ৷
শিক্ষকতাৰ লগতে কৃষিকৰ্মৰে সমাজক কৰ্মৰ পথ দেখুৱাই দিছে কৰ্মস্পৃহা শিক্ষকগৰাকীয়ে ৷ কৰ’ণা(Corona) কালত ঘৰতে বহি নাথাকি কৃষিকৰ্মৰ এই নিচাক সমাজৰ আগত দাঙি ধৰিছে শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই ৷ শাওনৰ পথাৰত ধান খেতি সামৰি এতিয়া তেওঁ কলখেতিত ব্যস্ত হৈ পৰিছে ৷
ইয়াৰ উপৰিও তেওঁ নিজ মাটিতে আদা, হালধি, সৰিয়হ আদিৰো খেতি কৰিছে৷ 2001 চনত শিক্ষকৰ বৃত্তিত নিয়োজিত হৈ থকাৰ উপৰিও বিগত দুবছৰৰ পৰা কৃষিকৰ্মত জড়িত হৈ পৰিছে শিক্ষকগৰাকীয়ে ৷ ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ কৃষিকৰ্মৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলেও লাভ কৰিছে কাম কৰাৰ উদ্যম ৷
শ্ৰেণীত পাঠদান কৰাৰ লগতে সাংস্কৃতিক দিশত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই আহিছে এইগৰাকী শিক্ষকে ৷ আনকি সামাজিক পৰিৱেশৰ বাবে সৃষ্টি হোৱা প্ৰতিবন্ধকতাসমূহ দূৰ কৰাত তেওঁ গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ বাবে বিদ্যালয় তথা সমগ্ৰ অঞ্চলটোত এক বিশেষ সুনাম আছে শিক্ষকগৰাকীৰ ৷
দেখিলেই দেহ-মন জুৰ পৰা শাৰী-শাৰীকৈ ৰোৱা কলৰ এদৰা খেতিৰে ভৰি পৰিছে তেওঁৰ বাৰী । তাৰ মাজে-মাজে ৰুইছে আদা আৰু হালধি ৷ পিতৃ আৰু ককা দেউতাকৰ পৰা কৃষিকাৰ্যত মনোনিৱেশ কৰাৰ সুযোগ লাভ কৰিছিল শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই৷ নিজে এগৰাকী শিক্ষক হৈও শাৰীৰিক শ্ৰম কৰি ভালপোৱা শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য নৱ প্ৰজন্মৰ বাবে নিশ্চয়কৈ হৈ পৰিছে এগৰাকী অনুকৰণীয় ব্যক্তি ৷
লগতে পঢ়ক: হোজাইৰ প্ৰথমগৰাকী শিক্ষকলৈ 2021 বৰ্ষৰ কৃতি শিক্ষক বঁটা
তেওঁ কয়, ‘‘আমি পথাৰ আৰু বজাৰ আমাৰ শ্ৰমেৰে উৎপাদিত ফচলৰেহে ভৰ-পূৰ কৰিব পাৰিম’’ ৷ তেওঁৰ কলৰ বাৰীত মালভোগ, অমৃতসাগৰ, চেনীচম্পা, ভোটমনোহৰকে ধৰি ভিন্ন প্ৰজাতিৰ কল লমা-লমে লাগি আছে । বিদ্যালয় বন্ধ থকাৰে পৰা ধান, তিচি, শাক-পাচলিৰ খেতিত ব্যস্ত থাকি ভাল পোৱা শিক্ষক ভট্টাচাৰ্যই কৃষি বিভাগৰ(Agriculture Department) বিশেষ আঁচনিৰ জৰিয়তে উন্নত প্ৰজাতিৰ কল ৰোপন কৰিছিল ।
কৃষি বিভাগে যোগান ধৰা সাৰ আৰু অনান্য পৰামৰ্শ অনুসৰি আৰু ভাট্টাচাৰ্যৰ শাৰীৰিক শ্ৰমৰ ফলত এতিয়া প্ৰায় প্ৰতিজোপা গছতে কল লাগিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ নিজেই নিজৰ কৰ্মেৰে আৰ্জিত ফচলৰ ভাতসাঁজ বা ফল-মূলৰ যি তৃপ্তি, সেই তৃপ্তি বজাৰৰ পৰা অনা সামগ্ৰীত পোৱা নাযায় । জাতিক জীয়াই ৰাখিবলৈ কৰ্ম সংস্কৃতি লাগিবই ।
কৰ্ম সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে । পথাৰ আৰু বজাৰ যদি অসমীয়াৰ নহয়, তেতিয়া আনক দোষ দি একো লাভ নাই । সেয়েহে, শিক্ষকতাৰ সমান্তৰালকৈ এগৰাকী আদৰ্শ খেতিয়কৰূপে ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত নৱ-প্ৰজন্মক কৰ্মৰ মাজেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় । এয়াই হ’ব প্ৰতিগৰাকী শিক্ষকৰ বাবে প্ৰকৃত গুৰু দক্ষিণা ।
লগতে পঢ়ক: বৰপেটাত বিদ্যালয়ৰ উন্নয়নৰ নামত আৱন্টিত পুঁজি সোমায় প্ৰধান শিক্ষকৰ পকেটত !