ৰহা, 3 জুলাই : গাৰ্হস্থ্য হিংসাৰ বাবে নগাঁৱৰ অন্তৰ্গত আমচৈত স্বামীয়ে প্ৰাণ ল'লে পত্নীৰ ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় দহ বজাত স্বামী কৰ্ণ ডেকাৰ সৈতে কোনো কথাত তৰ্কা-তৰ্কিত লিপ্ত হয় পত্নী অল্পনা ডেকা ৷ লগে লগে কৰ্ণই পত্নীৰ ডিঙিত এখন দাৰে উপৰ্যুপৰি ঘাপ মাৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰে কৰ্ণ আৰু অল্পনাৰ একমাত্ৰ দহ বছৰীয়া পুত্ৰই ৷ পিতৃয়ে মাতৃক এনেদৰে আক্ৰমণ কৰা দেখি চিঞৰ-বাখৰ লগাই পুত্ৰই ৷ লগে লগে ঘটনাস্থলীত গাঁৱৰ লোক উপস্থিত হৈ অল্পনাৰ মৃতদেহ দেখি আমচৈ আৰক্ষীক খবৰ দিয়া মাত্ৰেই আমচৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক আটক কৰে। কি কাৰণে কৰ্ণই পত্নীক হত্যা কৰিলে তাৰ সবিশেষ এতিয়াও পোহৰলৈ অহা নাই।
স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ - স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ
আমচৈত স্বামীয়ে প্ৰাণ ল'লে পত্নীৰ ৷ স্বামী কৰ্ণ ডেকাৰ সৈতে কোনো কথাত তৰ্কা-তৰ্কিত লিপ্ত হয় পত্নী অল্পনা ডেকা ৷ লগে লগে কৰ্ণই পত্নীৰ ডিঙিত এখন দাৰে উপৰ্যুপৰি ঘাপ মাৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰে কৰ্ণ আৰু অল্পনাৰ একমাত্ৰ দহ বছৰীয়া পুত্ৰই ৷
![স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ Amsoi husband brutally killed wife](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7873772-thumbnail-3x2-p.jpg?imwidth=3840)