ETV Bharat / state

Amrit Brikshya Andolan : কাৰ্যালয়তে পৰি ৰ’ল অমৃত বৃক্ষ আন্দোলনৰ শতাধিক গছপুলি - গছ পুলি

ৰহা আৰক্ষী থানাৰ চৌহদত শুকাই অনিষ্ট হ'ল অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰিবলৈ অনা শতাধিক গছপুলি ৷ প্ৰায় দুই শতাধিকৰো অধিক গছপুলি এতিয়া শুকাই গৈছে গাওঁৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ বাৰান্দাত ৷

Hundreds of Saplings Destroyed due to ignorance
অমৃত বৃক্ষ আন্দোলন
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:02 PM IST

শুকাই অনিষ্ট হ'ল অমৃত বৃক্ষ আন্দোলনৰ গছ পুলি

ৰহা, 5 অক্টোবৰ : অসমৰ সেউজ আৱৰণ প্রসাৰৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱর্তন নিয়ন্ত্রণ, কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে বিগত ১৭ ছেপ্টেম্বৰত ৩ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ১ কোটি বৃক্ষৰোপণৰ পদক্ষেপ লৈছিল ৰাজ্য চৰকাৰে ৷ অমৃত বৃক্ষ আন্দোলন ৰূপে অভিহিত কৰা এই অভিযানৰ বাবে জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অমৃত বৃক্ষ আন্দোলনৰ ৱেব প’র্টেল, ম’বাইল এপ, থীম ছং আৰু কাঠভিত্তিক উদ্যোগৰ পঞ্জীয়নৰ বাবে ৱেব প’র্টেল এটাও মুকলি কৰিছিল ৷

আত্মসহায়ক গোটৰ সদস্য, অংগনৱাড়ী কর্মী, আশাকর্মী, শিক্ষানুষ্ঠান, চৰকাৰী কর্মচাৰী, চাহ বাগিচাৰ শ্রমিক, আৰক্ষী বেটেলিয়ন আৰু গাঁওৰক্ষী বাহিনী আদিৰ সদস্যসকলে একত্রিত হৈ ১ কোটি ব্যৱসায়িকভাৱে উপযোগী গছপুলি ৰোপণ কৰিলে বুলি ঘোষণা কৰি বাঃ বাঃ ল’লে চৰকাৰে ৷ কিন্তু সচাঁকৈয়ে চৰকাৰে অথবা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গছপুলি সমূহ ৰোপণ কৰা হ'লনে ?

চৰকাৰে ঘোষণা কৰাৰ দৰেই যদি ১ কোটি গছপুলি ৰোপণ কৰা হ'ল তেনেহলে ৰহা আৰক্ষী থানাৰ চৌহদত পৰি ৰোৱা এই গছপুলি সমূহ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ বাহিৰত আছিল নেকি ? মৃত্যুৰ ক্ষণ গণি থকা এই গছপুলি সমূহে প্ৰমাণ কৰিলে যে ঠায়ে ঠায়ে অমৃত বৃক্ষ আন্দোলন আছিল মাথোন এক ভেকোভাওনা ৷ ৰোপণ কৰাৰ পূৰ্বেই ৰহা আৰক্ষী থানাৰ চৌহদত শুকাই অনিষ্ট হ'ল বহু গছৰ পুলি ৷ ৰহা থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ বাবে প্ৰদান কৰা প্ৰায় দুই শতাধিক গছপুলি এতিয়া শুকাই গৈছে গাওঁৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ বাৰান্দাত ৷

এয়া গাঁওৰক্ষী বাহিনীৰ দায়িত্বহীনতাৰ পৰিচয় নে ইয়াৰ লগত জড়িত প্ৰশাসনৰ কোনো লোকৰ অমৃত বৃক্ষ আন্দোলনক উপলুঙা ? পৰিচৰ্যাৰ অভাৱত বৰ্তমান এইদৰেই বাৰান্দাতে শুকাই গৈছে মূল্যবান গছৰ পুলিসমূহ ৷ চৰকাৰৰ অমৃত বৃক্ষ কাৰ্যসূচীক এইদৰেই আংগুষ্ঠ দেখুওৱাৰ অভিযোগ উঠিছে ৰহা থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীৰ বিষয়া তথা সদস্য সকলৰ বিৰুদ্ধে ৷ আনহাতে গছপুলি সমূহ ৰোপণ নকৰাৰ সন্দৰ্ভত গাঁওৰক্ষী বাহিনীৰ পৰা জানিব বিচৰাত পুলিবোৰ মূল্যবান গছৰ নোহোৱা বাবেই ৰোপণ নাই কৰা নাই বুলি এক দায়সৰা মন্তব্য আগবঢ়ায় বিষয়ববীয়া‌ই ৷

লগতে পঢ়ক : Amrit Kalash Yatra : ছাত্ৰ-ছাত্ৰীক অমৃত কলহ যাত্ৰা কৰোৱা মুখ্যমন্ত্ৰীৰ পত্নী-কন্যা বিদেশত ব্যস্ত প্ৰমোদ ভ্ৰমণত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.