ETV Bharat / state

পুনৰ থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে

লোকনির্মাণ (গৃহ) বিভাগে আহ্বান কৰা এক নিবিদাই পোহৰলৈ আনিছে থলুৱা ঠিকাদাৰৰ বিপৰীতে পুঁজিপতি প্ৰতিষ্ঠানক চৰকাৰে বৰপীড়া পাৰি দিয়াৰ ভংকৰ তথ্য। নিজ ৰাজ্যতেই বঞ্চিত হৈছে নেকি অসমীয়া নিৱনুৱা যুৱক ?

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:56 PM IST

Indigenous contractor deprive
পুনৰ থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে
পুনৰ থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে

নগাঁও, ৫ ডিচেম্বৰ : চৰকাৰী কামৰ ঠিকাৰ ক্ষেত্ৰত পুনৰ থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে। শেহতীয়াকৈ লোকনির্মাণ (গৃহ) বিভাগে আহ্বান কৰা এক নিবিদাই পোহৰলৈ আনিছে থলুৱা ঠিকাদাৰৰ বিপৰীতে পুঁজিপতি প্ৰতিষ্ঠানক চৰকাৰে বৰপীড়া পাৰি দিয়াৰ তথ্য। যাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

শেহতীয়াকৈ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নিবনুৱা যুৱকক চৰকাৰী ঠিকাৰ কামত নিয়োজিত হবলৈ জনোৱা আহ্বান নিশ্চয় আপোনাৰ মনত আছে। কিন্তু প্রকৃততে চৰকাৰী কামত নিয়োজিত হ’বলৈ কিমান সুযোগ লাভ কৰে অসমীয়া নিবনুৱা যুৱকে। ইয়াৰ এক তথ্য আহি পৰিছে ই টি ভি ভাৰত অসমৰ হাতত।

লোকনির্মাণ বিভাগৰ গৃহ বিভাগৰ নিবিদাই
লোকনির্মাণ বিভাগৰ গৃহ বিভাগৰ নিবিদাই

ৰাজ্য চৰকাৰৰ লোকনির্মাণ (গৃহ) বিভাগে NESID আঁচনিৰ অধীনত অসমৰ প্ৰায় ৫০ খনকৈ বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ বাবে আৱন্টন দিয়ে প্ৰায় তিনিশ কোটিৰো অধিক টকা। কিন্তু এই তিনিশ কোটি টকীয়া কামৰ ঠিকাৰ বাবে লোকনির্মাণ (গৃহ) বিভাগে মাত্ৰ পাঁচটা পেকেজতে আহ্বান কৰিছে প্ৰায় চাৰিশ কোটি টকাৰ ঠিকাৰ নিবিদা। এটা পেকেজত অন্তৰ্ভুক্ত কৰিছে দহ, এঘাৰখনকৈ বিদ্যালয়।

লোকনির্মাণ বিভাগৰ গৃহ বিভাগৰ নিবিদাই
লোকনির্মাণ বিভাগৰ গৃহ বিভাগৰ নিবিদাই

অৰ্থাৎ এটা এটা পেকেজতে ৮০ কোটি, ৯০ কোটিলৈকে ধার্য কৰিছে লোকনির্মাণ বিভাগে। লোকনির্মাণ বিভাগৰ এই নিবিদা প্ৰকাশ কৰাৰ পিচতেই বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনকি থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক চক্ৰান্ত বুলিও অভিহিত কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সভাপতি অৰূপ কুমাৰ মহন্তই।

লোকনির্মাণ বিভাগৰ গৃহ বিভাগৰ নিবিদাই
লোকনির্মাণ বিভাগৰ গৃহ বিভাগৰ নিবিদাই

আনফালে নিবনুৱা যুৱকক ঠিকাৰ কামত নিয়োজিত হবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই থলুৱাক বঞ্চিত কৰি কেৱল পুঁজিপতি গোষ্ঠীক সুযোগ প্ৰদান কৰা কাৰ্যই মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ কথা আৰু কামৰ মাজৰ পাৰ্থক্য পুনৰ প্ৰমাণ কৰা বুলিও দাবী উত্থাপন কৰে মহন্তই ৷

এতিয়া ইয়াৰ পিচতে লোকনির্মাণ বিভাগৰ এনে নিবিদাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক: দেশৰ সশস্ত্ৰ বাহিনীত বাঢ়িব নাৰীৰ সংখ্যা আৰু শক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.