ETV Bharat / state

ধিং পৌৰসভাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - লুন্ঠন

ধিং পৌৰসভাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ নিম্নমানৰ সামগ্ৰীৰে পৌৰসভাই পথ, নলা-নৰ্দমা নিৰ্মাণ কৰা বুলি অভিযোগ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷

allegations-of-corruption-against-dhing-municipality
ধিং পৌৰসভাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Dec 2, 2020, 7:19 PM IST

নগাঁও, 2 ডিচেম্বৰ : নগাঁও জিলাৰ ধিং পৌৰসভাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ একাংশ বিষয়া-কৰ্মচাৰীৰ নেতৃত্বত নিৰ্মাণ কৰা পথৰ পৰা নলা-নৰ্দমা নিৰ্মাণৰ সকলোতে অনিয়মৰ অভিযোগ ৷ ধিং পৌৰসভাই নিম্নমানৰ কাম কৰি বৃহৎ ধন লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

স্থানীয় লোকৰ মন্তব্য

অভিযোগ অনুসৰি, ধিং চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰা গড়কাপ্তানী পথৰ কাষৰ নলা নিৰ্মাণত ৰাইজে বিসংগতি হোৱা বুলি অভিযোগ প্ৰদান কৰিছে ৷ এই ক্ষেত্ৰত অভিযোগকাৰীয়ে পৌৰসভাক প্ৰশ্ন কৰিছিল যদিও পৌৰসভাৰ বিষয়া-কৰ্মচাৰীয়ে বিজ্ঞান সন্মত ভাৱে নিৰ্মাণ কৰা বুলি মন্তব্য প্ৰদান কৰিছে ৷

অভিযন্তাৰ মন্তব্য

পৌৰসভাই নিৰ্মাণ কৰা নলাটোৰে দূষিত পানী চহৰখনৰ গাতে লাগি থকা তলিবিলত পৰিব লাগে যদিও নিৰ্মাণ কৰা নলাটোৰে চহৰখনৰ পশ্চিম অঞ্চল দূষিত কৰা বুলি অভিযোগ প্ৰদান কৰিছে ৷ যাৰ বাবে স্থানীয় ৰাইজে বিষয়টো সন্দৰ্ভত উচিত তদন্ত বিচাৰি নলাটো সঠিক ভাৱে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : নুমলীগড়ত হস্তী-মানৱৰ সংঘাত: যুৱকক গছকি আঘাতপ্ৰাপ্ত কৰাৰ দৃশ্য ভাইৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.