ETV Bharat / state

নিৰ্মাণৰত অৱস্থাত উৰণ সেতু, নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অমনোযোগিতাৰ বাবে নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা ! - ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

ৰহাত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যত জড়িত প্ৰতিষ্ঠানৰ মইমতালি ৷ ফলত নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ এই অভিযোগ ৰহাবাসীৰ (Construction Of Raha Flyover)৷

Construction Of Raha Flyover
ৰহাত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যত জড়িত প্ৰতিষ্ঠানৰ মইমতালি
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:41 PM IST

ৰহাত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যত জড়িত প্ৰতিষ্ঠানৰ মইমতালি

ৰহা, 7 ডিচেম্বৰ : যানজঁটৰ সমস্যা ৰোধ কৰাৰ বাবে চৰকাৰে নিৰ্মাণ কৰি আছে ইখনৰ পাচত সিখনকৈ উৰণ সেতু ৷ সকলোৰে জ্ঞাত যে, সেই অনুসৰিয়েই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ অধীনত জাগীৰোড, ৰহা, ডিমৌ, নগাঁও বাইপাছ, কঠিয়াতলী আদি কেবাখনো ঠাইত নিৰ্মাণৰত অৱস্থাত আছে কেইবাখনো উৰণ সেতুৰ কাম । কিন্তু বৰ্তমান নিৰ্মাণৰত অৱস্থাত থকা উৰণ সেতুকেইখনৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে সাধাৰণ জনতা ৷

ৰহাৰ কিছু স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, এই উৰণ সেতু নিৰ্মাণ কাৰ্যত জড়িত নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পথ সুৰক্ষাৰ দিশটোলৈ একেবাৰে আওকান কৰিছে ৷ ফলত স্থানীয় ৰাইজক বিপদৰ মুখলৈ ঠেলি দি স্বেচ্ছাচাৰীভাৱে চলাই আছে উৰণ সেতু নিৰ্মাণৰ কাম ।

ইতিমধ্যে ৰহা নতুন চাৰিআলিত ডিবিএল (DBL) নামৰ এটা হাৰিয়ানাস্থিত প্ৰতিষ্ঠানে চলাই আছে উৰণ সেতুৰ নিৰ্মাণ কাৰ্য । কিন্তু DBL নামৰ উৰণ সেতুৰ নিৰ্মাণকাৰী সংস্থাটোৱে পথ সুৰক্ষাৰ সকলো নীতি নিয়মক বুঢ়া আঙুলি দেখুওৱাই চলাই আছে নিৰ্মাণৰ কাম ।

উৰণ সেতু নিৰ্মাণৰ নামত ঠায়ে ঠায়ে সৃষ্টি হৈছে কেৱল মৰণ ফান্দ । কোনো ধৰণৰ বেৰিকেড বা সংকেত চিহ্নৰ ব্যৱস্থা কৰা নাই প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীয়ে ৷ এনেদৰেই প্ৰতিদিনেই ৰাষ্ট্ৰীয় পথছোৱাৰে বিপদজনকভাৱে চলি আছে নগাঁও-গুৱাহাটী আৰু গুৱাহাটী-নগাঁও অভিমুখী বাহনসমূহ। যাৰ ফলত ৰহা নতুন চাৰিআলিৰ সমীপত সঘনাই সংঘটিত হ'বলৈ লৈছে পথ দুৰ্ঘটনা । শংকিত হৈছে ৰহাৰ স্থানীয় জনসাধাৰণ আৰু ব্যৱসায়ীসকল।

ইফালে স্থানীয় ব্যৱসায়ীসকলে এই সন্দৰ্ভত অভিযোগ কৰাৰ পাচতো কেৰেপ নকৰি DBL নামৰ এই নিৰ্মাণকাৰী সংস্থাটোৱে মইমতালিৰে চলাই গৈছে নিৰ্মাণ কাৰ্য । সংস্থাটোৰ এনে চৰম দ্বায়িত্বহীনতাক ধিক্কাৰ জনোৱাৰ লগতে অতি শীঘ্ৰে এই সমস্যাসমূহৰ সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ব্যৱসায়ীসকলে।

লগতে পঢ়ক : লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 72% গৃহ নির্মাণ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.