ETV Bharat / state

BP Civil Hospital Nagaon: নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তেজনা - Allegation of Negligence

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে এটা পৰিয়াল ৷ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে (BP Civil Hospital Nagaon) ৷

BP Civil Hospital Nagaon
ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কাণ্ডজ্ঞানহীনতা
author img

By

Published : Jun 9, 2023, 8:32 PM IST

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত গাফিলতিৰ অভিযোগ

নগাঁও, 9 জুন: নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অৰাজক পৰিস্থিতিৰ অভিযোগ ৷ চিকিৎসালয়ৰ অধীক্ষকৰ বিৰুদ্ধে খৰ্গহস্ত মৃতকৰ পৰিয়াল ৷ মৰণোত্তৰ পৰীক্ষাত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ মৃতকৰ পৰিয়ালৰ (Allegation of Negligence against BP Hospital Superintendent) ৷

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে মৃতকৰ এটা পৰিয়াল ৷ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ আনকি এইক্ষেত্ৰত মৃতকৰ আত্মীয়ক অধীক্ষক ডাঃ লক্ষীধৰ দাসে ৰ্দুব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে (BP Hospital Superintendent in Nagaon) ৷

জানিব পৰা মতে বৃহস্পতিবাৰে এটা দুৰ্ঘটনাত নিহত হৈছিল নগাঁৱৰ জোন গায়ন নামৰ এগৰাকী সৰবৰাহী যুৱক ৷ যুৱকজনক বৃহস্পতিবাৰে বিয়লিয়েই লৈ অনা হৈছিল নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ ৷ কিন্ত বৃহস্পতিবাৰে বিয়লি জোন গায়নক মৃত ঘোষণা কৰে চিকিৎসকে (BP Civil Hospital Nagaon) ৷

কিন্তু লক্ষণীয়ভাৱে বৃহস্পতিবাৰে বিয়লিয়েই মৃত ঘোষণা কৰা জোন গায়নৰ মৃতদেহ শুক্ৰবাৰে বিয়লি পৰ্যন্ত মৰণোত্তৰ পৰীক্ষা নকৰাত ক্ষুণ্ণ হৈ পৰে পৰিয়ালৰ লোক ৷ চিকিৎসকৰ অনুপস্থিতিৰ দোহাই দি 20 ঘণ্টা পৰ্যন্ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ এই বিষয় সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষকক পৰিয়ালৰ লোকে অৱগত কৰাত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে মৃতকৰ আত্মীয়ক ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ লক্ষীধৰ দাসৰ বিৰুদ্ধে (Allegation of Negligence) ৷

এই ঘটনাক লৈ অধিক ক্ষুণ্ণ হৈ পৰে মৃতকৰ পৰিয়াল ৷ পূৰ্বেও অধীক্ষক গৰাকীৰ বিৰুদ্ধে দুঃব্যৱহাৰ অভিযোগ তুলিছিল মহিলা চিকিৎসকে ৷ অধীক্ষক গৰাকীৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা লোৱাৰ দাবীও উত্থাপন হৈছে (Negligence of BP Hospital Superintendent in Nagaon) ৷

লগতে পঢ়ক : Jal Jeevan Mission Assam: জলজীৱন মিছনে সামৰি লৈছে অসমৰ 50.25 শতাংশ পৰিয়ালক : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.