ETV Bharat / state

Udmari Gaon Panchayat : উদমাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী-সচিবৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 9:30 AM IST

উদমাৰী গাঁও পঞ্চায়তত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ এই সকলো দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে উদমাৰি গাঁও পঞ্চায়তৰ সাধাৰণ ৰাইজে ৷

Allegation of Corruption at Udmari Gaon Panchayat
দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ
উদমাৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

চামগুৰি, 20 ছেপ্টেম্বৰ : চামগুৰিৰ উদমাৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ চামগুৰি সমষ্টিৰ অন্তৰ্গত এই উদমাৰী গাঁও পঞ্চায়তত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বহু দিনৰে পৰা পঞ্চয়তটোত বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি-অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

কেতিয়াবা পথ নিৰ্মাণৰ নামত ধন হৰলুকী হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে কেতিয়াবা আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ পঞ্চায়ত সভানেত্ৰী আৰু পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে উত্থাপন হৈছে এই দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰত লুণ্ঠন চলাৰ অভিযোগ ৰাইজৰ ৷

শেহতীয়াকৈ উদমাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰত বিগত চৰকাৰৰ দিনতে নিৰ্মাণ কৰা শৌচালয়টোকে নতুনকৈ নিৰ্মাণ কৰা বুলি দেখুৱাই সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত সভানেত্ৰী আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে ৷ ২০১৭-১৮ বৰ্ষৰ খোৱা পানী আৰু শৌচালয়ৰ নামত আৱণ্টিত হোৱা প্ৰায় পাঁচ লক্ষাধিক টকাৰে পুৰণি শৌচালয়ত নতুন চিমেণ্টৰ প্ৰলেপ সানি পঞ্চায়ত সভানেত্ৰীয়ে প্ৰায় ৪.৯০ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৷

ইফালে পঞ্চায়তটোৰ বিভিন্ন কাম- কাজত সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে বিগত বহু দিন ধৰি লুণ্ঠন ৰাজ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ৰাজহুৱা স্থানত নিৰ্মাণ কৰিবলগীয়া শৌচালয় সভানেত্ৰীগৰাকীৰ ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠানৰ নামত নিৰ্মাণ কৰি লোৱাৰ লগতে সভানেত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী আৱাস গৃহৰ নামতো লুণ্ঠন, হিতাধিকৰীৰ পৰা বলপূৰ্বকভাৱে গৃহ নিৰ্মাণৰ কাম হাতত লৈ গৃহ সমূহ সম্পূৰ্ণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

ইমানেই নহয় আঁচনিৰ নাম ফলক লগাই ফটো তোলাৰ পাছত ফলক সমূহ ভাঙি পেলোৱাৰো অভিযোগ উঠিছে সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ৷ ৰাইজৰ টকা আত্মসাৎ কৰি সভানেত্ৰীগৰাকীয়ে বৃহৎ অবৈধ সম্পত্তিৰ পাহাৰ গঢ়িছে বুলিও অভিযোগ তুলিছে ৰাইজে ৷ সভানেত্ৰীগৰাকীয়ে কৰা এই সকলো দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে এতিয়া উচিত তদন্ত বিচাৰিছে উদমাৰি গাঁও পঞ্চায়তৰ অধীনৰ সাধাৰণ ৰাইজে ৷

লগতে পঢ়ক : Corruption in Cooperative Society: গাগলমাৰী সমবায় সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.