ETV Bharat / state

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিক কেন্দ্ৰ কৰি উত্তাল নগাঁৱৰ ডাকৰঘাট পঞ্চায়ত - নগাঁৱৰ ডাকৰঘাট পঞ্চায়ত

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ নামত চৰকাৰী আঁচনিখনক লৈ ৰাজনীতিকৰণৰ অভিযোগ ৷ ডাকৰঘাট পঞ্চায়তত উত্তেজনা ৷

arunuday scheme
arunuday scheme
author img

By

Published : Oct 13, 2020, 6:28 PM IST

নগাঁও, 13 অক্টোবৰ : অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁও জিলাৰ ডাকৰঘাট পঞ্চায়তত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অৰুণোদয় আঁচনিৰ পৰা দৰিদ্ৰ লোকক বঞ্চিত কৰাৰ অভিযোগ তুলি শতাধিক পুৰুষ-মহিলাই ডাকৰঘাট পঞ্চায়ত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পঞ্চায়তত দুখীয়া লোকৰ নাম কৰ্তন কৰি আঢ্যৱন্ত লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

arunuday scheme
ডাকৰঘাট পঞ্চায়ত

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ নামত চৰকাৰী আঁচনিখনক লৈ ৰাজনীতিকৰণ হোৱা বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী ৰাইজে ৷ আনকি আঁচনিখনৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিয়ে ধনৰ লেনদেন কৰাৰো অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিক কেন্দ্ৰ কৰি উত্তাল নগাঁৱৰ ডাকৰঘাট পঞ্চায়ত

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি কৰা লোকক প্ৰহাৰ বঞ্চিত হিতাধিকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.