ৰূপহীহাট, 11 জুনঃ নগাঁও জিলাৰ ৰূপহীহাটত অৱস্থিত দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এশ শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয় খনলৈ ৷ এই বছৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হয় বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকল ৷
নগাঁও জিলাৰ ৰূপহীহাটত অৱস্থিত দগাঁৱৰ কেইজনমান শিক্ষিত যুৱকৰ নেতৃত্বতে প্ৰতিষ্ঠা হৈছিল দগাঁও আদৰ্শ জাতীয় বিদ্যালয় খন ৷ এই খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতি বছৰে 100 শতাংশৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈ আহিছে ৷ অন্যান্য বছৰৰ দৰে এই বছৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰাই অভিভাৱক আৰু অঞ্চলটোৰ সাধাৰণ ৰাইজৰ মাজত উজলি উঠিছে বিদ্যালয় খন ৷ এবছৰ দুবছৰ নহয় সুদীৰ্ঘ ১১ টাকৈ বছৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰাই ৰাইজৰ মৰম স্নেহ আদৰিবলৈ সক্ষম হৈছে উক্ত বিদ্যালয় খনে ৷ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই বছৰ বিদ্যালয় খনৰ ৭৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩২ জনে প্ৰথম বিভাগত , ২৮ জনে ২ য় বিভাগত আৰু ১৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । ইয়াৰ ভিতৰত দুজনে ডিষ্টিংচন ৮ জনে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয় ৷ ১১ টাকৈ বছৰত এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰাই নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিদ্যালয় খনে ৷ আনহাতে বৃহস্পতিবাৰে বিদ্যালয় খনত উপস্থিত হয় সু খ্যাতিয়ে উত্তীৰ্ণ হোৱা কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয় খনত উপস্থিত হোৱাত বিদ্যালয় খনৰ শিক্ষক সকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই আৰু উজ্জ্বল ভবিষ্যত কামনা কৰে ৷
লগতে পঢ়ক- টেলিকম বিভাগৰ পৰা এজিআৰৰ বাবে ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ