ETV Bharat / state

Protest Against NHA in Nagaon: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

থলুৱাক উচ্ছেদ কৰি বহিৰাগত কোম্পানীক বৰপীৰা পাৰি দিয়াৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে । থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদক লৈ উত্তাল হৈ পৰিল নগাঁও । বহিৰাগত কোম্পানীক ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি লিজত দিয়া কাৰ্য্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP protest in Nagaon)। দাহ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ জুমুঠি ।

Protest Against NHA in Nagaon
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 30, 2022, 7:27 PM IST

নগাঁও, 30 নৱেম্বৰ : থলুৱাক পেটে ভাতে মৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে (Protest against NHA in Nagaon)। নগাঁৱৰ উৰীয়াগাঁও বাইপাছৰ সমীপৰ বৃহৎ ভূমি এটা বহিৰাগত কোম্পানীক লিজত দিয়াৰ অভিযোগে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হোৱাৰ পিছৰ পৰাই বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়া বহু পৰিয়াললৈ অন্ধকাৰ নমাই অনাৰ আশংকাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ, দল-সংগঠন ।

থলুৱা লোকক উচ্ছেদ কৰি এটা বহিৰাগত কোম্পানীক ভূমি লিজত দিয়া কাৰ্যৰ বিৰুদ্ধে বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে (AJYCP protest in Nagaon)। বুধবাৰে উৰীয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে সংগঠনটোৱে ।

থলুৱা লোকক উচ্ছেদ কৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে (Jatiyatabadi Yuba Chatra Parishad)।দীৰ্ঘদিন ধৰি খেলপথাৰ, বিভিন্ন প্ৰতিষ্ঠানৰ লগতে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠা এই স্থানত এতিয়া ভূমি লিজত লোৱা বহিৰাগত কোম্পানীয়ে অন্যান্য প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে । যাক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে অঞ্চলটোৰ সচেতন লোকসকলো ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে কাৰ্যৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক : CM meeting in Cachar: মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণ, তলত উচ্ছেদিতৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.