ETV Bharat / state

প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ AJYCPৰ - assam mizoram border clash

বুধবাৰে নগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ নগাঁও জিলা সমিতিৰ ৷ অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীয়ে(Assam Police) প্ৰাণ দিবলগীয়া ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ(Protest) সাব্যস্ত কৰে সংগঠনটোৱে ৷

ajycp protest in nagaon
নগাঁৱত AJYCPৰ প্ৰতিবাদ
author img

By

Published : Jul 28, 2021, 5:28 PM IST

নগাঁও, 28 জুলাই : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত আৰক্ষী শ্বহীদ হোৱা ঘটনাক লৈ বুধবাৰে নগাঁৱত প্ৰতিবাদ(Protest) সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ নগাঁও জিলা সমিতিয়ে ৷ প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ পুত্তলিকা দাহ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে অসম আৰক্ষীয়ে (Assam Police) প্ৰাণ দিবলগীয়া হৈছে ৷ মিজোৰাম সীমান্তত অসম আৰক্ষীয়ে প্ৰাণ দিবলগীয়া হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই ।

নগাঁৱত AJYCPৰ প্ৰতিবাদ

নগাঁও চহৰৰ নতুন বজাৰত ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে নতুন বজাৰৰ ৰাজপথ ৷ শীঘ্ৰেই অসমৰ সকলো সীমা সমস্যা (Border Dispute) সমাধান কৰিবলৈ চৰকাৰক সংগঠনটোৱে দাবী জনাই ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি

অসমৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত শাসনাধিষ্ঠিত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য যে, সোমবাৰে অৰ্থাৎ 26 জুলাইত অসম-মিজোৰাম সীমান্তত সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষ । অসম আৰক্ষীৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি নিৰ্বিচাৰ গুলীচালনা কৰিছিল মিজোৰাম আৰক্ষীয়ে ।

মিজোৰাম আৰক্ষীৰ(Mizo Police) এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া সমগ্ৰ অসম উত্তাল হৈ পৰিছে । মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীয়ে 6 গৰাকীকৈ অসম আৰক্ষী জোৱানক নিহত কৰিছে ৷ ইয়াৰ উপৰিও মিজো আৰক্ষীৰ গুলিচালনাত এগৰাকী আৰক্ষী অধীক্ষকো গুৰুতৰভাৱে আহত হৈছে ৷

লগতে পঢ়ক : সীমা সংঘাতৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া কৰিলে ৰাইজৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.