নলবাৰী, ১মাৰ্চ: নলবাৰী জিলাৰ মুকালমুৱাত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । মুকালমুৱা আৰক্ষী থানাৰ সন্মূখত তিনিটা দাবীৰ সমৰ্থনত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী । জিলাখনৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ভূমি বেদখল হৈ থকাক লৈ সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP protest in Mukalmuwa) ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বেদখলী ভূমিত উচ্ছেদ কৰি বৰক্ষেত্ৰীক বেদখলমুক্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে । (AJYCP protest against Encroachment in Nalbari)। ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে বানৰ পূৰ্বে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে । তদুপৰি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ।
ইপিনে, কালিৰে পৰা বৰক্ষেত্ৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত চৰাঞ্চলত নলবাৰী জিলা প্ৰশাসনে চলোৱা উচ্ছেদ বুধবাৰে বন্ধ ৰাখিছে । জিলা প্ৰশাসনে প্ৰথম দিনটোত প্ৰায় ১৫০ বিঘা চৰকাৰী ভূমিত জুপুৰী সাজি দখক কৰা সন্দেহজনক লোকসকলক উচ্ছেদ কৰে । আজিও উচ্ছেদ অভিযান অব্যাহত ৰখাৰ কথা আছিল যদিও সাময়িক ভাৱে প্ৰশাসনে বন্ধ ৰাখিছে । এই উচ্ছেদ চলি থকাৰ মাজতে আজি অসম জাতয়তাবাদী যুৱ ছাত্র পৰিষদ বৰক্ষেত্ৰী আঞ্চলিকে সমগ্ৰ বৰক্ষেত্ৰী বেদখলমুক্ত কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘন কাৰ্যসূচী ৰূপায়ণ কৰে ।
উক্ত ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বৰক্ষেত্ৰী বেদখলমুক্ত কৰক, গৰাখহনীয়া ৰোধ কৰক,পঞ্চায়তৰ দুৰ্নীতিৰ তদন্ত কৰক আদি শ্লোগানেৰে উত্তাল কৰে মুকালমুৱা । অতিশীঘ্ৰে সমস্যা সমাধান নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম জাতয়তাবাদী যুৱ ছাত্র পৰিষদ বৰক্ষেত্ৰী আঞ্চলিকে । প্ৰতিবাদকাৰীসকলে ধৰ্মঘট কাৰ্যসূচীৰ অন্তত তিনিটা দাবীৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
উল্লেখ্য় যে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ২ নং ভেলামাৰী চৰত দীৰ্ঘদিন ধৰি সন্দেহজনক লোকে চৰকাৰী ভূমি দখল কৰি আহিছে (Eviction at Bhelamari Char in Nalbari)। জিলাখনৰ ব্ৰহ্মপুত্ৰৰ পাৰত শ শ ভূমি সন্দহজনক লোকৰ দখলত থকা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছিল । এই দল-সংগঠনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ১৫০ বিঘা ভূমিত মঙলবাৰে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় । চৰকাৰী ভূমি দখল কৰা ১৫ টা জুপুৰী উচ্ছেদ কৰাৰ পিছত দল-সংগঠনে আন আন অঞ্চলতো উচ্ছেদৰ দাবী জনাইছে ।
লগতে পঢ়ক:Bhogdoi river full of garbage: আৱৰ্জনাৰে পৰিপূৰ্ণ ভোগদৈ পৰিষ্কাৰ কৰিলে সেচ্ছাসেৱী সংগঠনে