ৰহা,22 ফেব্ৰুৱাৰীঃ প্ৰায় ডেৰ বছৰ ধৰি বন্ধ হৈ থকা ৰহাৰ টোলগেট মুকলি কৰিবলৈ চৰকাৰ তৎপৰ হোৱাৰ লগে লগে পুনৰ উত্তপ্ত হৈ পৰিছে একাংশ দল-সংগঠনৰ লোক ৷ টোলগেটৰ বিৰুদ্ধে পুনৰ আৰম্ভ প্ৰতিবাদ ৷ ৰহাৰ এই টোলগেট বন্ধৰ দাবীত শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতৃত্বত পাঁচ শতাধিক লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই ৷ ইয়াৰ পিচতে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নকৰাৰ লগতে পৌৰসভা এলেকাত নীতি বহিৰ্ভূতভাৱে স্থাপন কৰা টোলগেট মুকলি কৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ নেতাগৰাকীৰ ৷ উল্লেখ্য যে, 2018 চনত ৰহাত স্থাপন কৰা এই টোলগেট বন্ধৰ দাবীত অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰছিল ৷
লগতে পঢ়কঃ অবিশ্বাস্যঃ এটা বৃহৎ মাছৰ পেটৰ পৰা ওলাল অসংখ্য মাছ